চিটাৰা ডেস্ক,21 মাৰ্চঃ নিজৰ ভ্ৰমণৰ বিষয়ে লুকুৱাই লক্ষ্ণৌত বহুকেইটা জনসমাৰোহত অংশগ্ৰহণ কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী কনিকা কাপুৰে ৷ যথেষ্ট পলমকৈ স্বাস্থ্য পৰীক্ষা কৰি শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত বিভিন্নজনে অসতৰ্কতাৰ বাবে দোষাৰূপ কৰিছে কন্ঠশিল্পীগৰাকীক ৷
![Bollywood singer Kanika Kapoor booked for negligence](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6487602_kn.png)
কনিকাৰ বিৰুদ্ধে এই অসৰ্তকতাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে ৷ এডিএম প্ৰশাসনে অৱগত কৰা অনুসৰি, এই জটিল পৰিস্থিতিত নিজৰ অসৰ্তকতামূলক কাৰ্যৰ জৰিয়তে সমাৰোহত অংশগ্ৰহণ কৰাৰ অভিযোগত গুমতি নগৰৰ হজৰদংগ থানাত চি.এম.অ'ৰ দ্বাৰা কনিকাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷
অৱশ্যে কনিকাই সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ ইনষ্টাগ্ৰাম যোগে স্পষ্টীকৰণ দিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়কঃডুবাইত চনু নিগম, কৰ'ণা ভাইৰাছৰ সংকট নকমা পৰ্যন্ত ঘূৰি নাহে ডুবাইৰ পৰা