চিটাৰা ডেস্ক, 1 জানুৱাৰী : অভিনেত্ৰী পৰিণীতি চোপ্ৰাক 'কবিৰ সিং'ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ আহিবলগীয়া ছবি 'এনিমেল'ত ৰণবীৰ কাপুৰৰ বিপৰীতে দেখা যাব ৷
প্ৰযোজক ভূষণ কুমাৰৰ টি-ছিৰিজৰ ছবি এনিমেলৰ জৰিয়তে সন্দীপে বলিউদত দ্বিতীয়খন ছবিৰ পৰিচালনা কৰিব ৷ উল্লেখ্য যে, সন্দীপে 2019 চনত নিৰ্মাণ কৰা কবিৰ সিং ছুপাৰ হিট হিচাপে পৰিগণিত হৈছিল ৷
টি ছিৰিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে ছবি আৰু কলা-কুশলীৰ নাম উল্লেখ কৰা হয় ৷ "Animal Announcement. Saal ki shuruwat, seeti marke honi chahiye! Presenting #Animal, starring #RanbirKapoor. Let the fun begin! #RanbirKapoor @anilskapoor @parineetichopra @iambobbydeol @sandeepreddy.vanga @pranayreddyvanga #BhushanKumar #KrishanKumar @muradkhetani @cine1studios #BhadrakaliPictures @tseries.official,"
- " class="align-text-top noRightClick twitterSection" data="
">
এই ঘোষণাৰ পাচতে পৰিণীতিয়েও এক ভিডিঅ' শ্বেয়াৰ কৰে আৰু 2021 চনক ধন্যবাদ জনায় ৷ ভিডিঅ' অনুসৰি, ছবিখনত গেংষ্টাৰৰ কাহিনীৰ লগতে পিতৃ-পুত্ৰৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ পৰিণীতি আৰু ৰণবীৰৰ উপৰি ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব অনিল কাপুৰ আৰু ববী দেউলে ৷
ব্ৰক্ষ্মাস্ত্ৰ, শ্বামছেৰা আৰু শ্ৰদ্ধা কাপুৰৰ সৈতে লাভ ৰঞ্জনৰ ৰোমান্টিক কমেডীৰ শ্বুটিঙৰ অন্ত পৰাৰ পাচতে এনিমেলৰ শ্বুটিং আৰম্ভ কৰিব ৰণবীৰ কাপুৰে ৷ আনহাতে, পৰিণীতিক দেখা পোৱা যাব দিবাকৰ বেনাৰ্জীৰ 'সন্দীপ ঔৰ পিংকী ফৰাৰ' নামৰ ছবিত ৷ ইয়াৰোপৰি পৰিণীতিক মনোবৈজ্ঞানিক থ্ৰীলাৰ 'দা গাৰ্ল অন দা ট্ৰেইন'ৰ হিন্দী ৰিমেকতো দেখা পোৱা গৈছে ৷
লগতে পঢ়ক : এইবেলি অনাড়ম্বৰপূৰ্ণ জন্মদিন উদযাপন কৰিব অক্ষয় অ’বেৰয়ে