এন্টাৰটেইনমেন্ট ডেস্ক, 3 জুলাই : বলীউদৰ প্ৰসিদ্ধ কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ 72 বছৰ বয়সত দেহাৱসান ঘটে ৷ মুম্বাইৰ বান্দ্ৰাস্থিত গুৰু নানক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কৰিঅ'গ্ৰাফাৰ গৰাকীয়ে ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শুকুৰবাৰে নিশা 1.52 বজাত মৃত্যু হয় খানৰ ৷ মৃত্যুৰ সময়ত তেওঁ স্বামী বি. ছোহানলাল, পুত্ৰ হামিদ খান আৰু দুই কন্যা হিনা খান আৰু ছুকিনা খানক ইহ সংসাৰত এৰি থৈ যায় ৷
![Choreographar Saroj Khan dies of cardiac arrest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7870045_1.jpg)