ETV Bharat / sitara

সুশান্তৰ পিতৃৰ সৈতে সাক্ষাৎ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে.কে সিঙক শেহতীয়াকৈ সাক্ষাৎ কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৷ তেওঁলোকে এই সাক্ষাৎ সম্পন্ন কৰে পুলিচ কমিচনাৰ অ'পি সিঙৰ গৃহত ৷

author img

By

Published : Aug 8, 2020, 7:16 PM IST

Chief minister  Manohar Lal met Sushant singh Rajputs father in Faridabad
সুশান্তৰ পিতৃৰ সৈতে সাক্ষাৎ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

চিটাৰা ডেস্ক,8 আগষ্টঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে.কে সিঙক সাক্ষাৎ কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৷ দুয়োৰে সাক্ষাৎ হয় ফৰিদাবাদৰ পুলিচ কমিচনাৰ অ'পি সিঙৰ গৃহত ৷

এইখিনিতে জনাই থওঁ যে, পুলিচ কমিচনাৰ অ'পি সিং সুশান্ত সিং ৰাজপুতৰ ভিনিয়েক হয় ৷ প্ৰায় 10 মিনিট সময় কথা-বতৰা চলে সুশান্ত সিং ৰাজপুতৰ পিতৃ কে.কে সিং আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ মাজত ৷

উল্লেখনীয় যে, 3 আগষ্টত সুশান্তৰ পিতৃ আহিছিল ফৰিদাবাদলৈ ৷ সেইদিনাই তেওঁ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল, 25 ফেব্ৰুৱাৰীত তেওঁ পুত্ৰৰ জীৱনৰ ওপৰত কিবা বিপদ আহিব পাৰে বুলি মুম্বাইৰ বান্দ্ৰা পুলিচক আগজাননী দি থৈছিল ৷ কিন্তু মুম্বাই পুলিচে এই সন্দৰ্ভত কোনো তদন্তই নকৰিলে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

সুশান্তৰ মৃত্যুৰ 40 দিন বাগৰাৰ পিছতো মহাৰাষ্ট্ৰৰ আৰক্ষীৰ বিশেষ তৎপৰতা নেদেখি পিতৃয়ে বিহাৰ আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰে ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে C.B.I দলে ৷

লগতে পঢ়কঃঅৱশেষত নিগেটিভ আহিল অভিষেক বচ্চনৰ কৰ'ণা ৰিৰ্প'ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.