চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ: অব্যাহত আছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত ৷ সোমবাৰে চিবিআইৰ সৈতে এক বৈঠকত মিলিত হয় এইমছৰ মেডিকেল ব’ৰ্ড ৷ কিয়নো মঙলবাৰে চিবিআই আৰু চিএফএছএল দলে তদন্তত লাভ কৰা তথ্য সন্দৰ্ভত আলোচনা কৰিব দুয়োটা দলে ৷ লগতে, আগন্তুক কাৰ্যসূচী সম্পৰ্কে আলোচনাত মিলিত হ’ব তদন্তকাৰী সংস্থা দুটাই ৷
চিবিআইৰ সূত্ৰই জনোৱা মতে, দক্ষিণ দিল্লীৰ লোধী এলেকাস্থিত মুখ্য কাৰ্যালয়ত এইমছৰ চিবিআইৰ বিশেষ তদন্তকাৰী সংস্থাৰ সৈতে এইমছৰ ফ’ৰেন্সিক দলে বৈঠকত মিলিত হ’ব ৷
উল্লেখ্য যে, ফ’ৰেন্সিক দলে গঠন কৰা মেডিকেল ব’ৰ্ডৰ দায়িত্বত আছে ডাঃ সুধীৰ গুপ্তা ৷ এই দলটোৱে সুশান্তৰ বান্দ্ৰাস্থিত ফ্লেটতো তালাচী অভিযান চলাইছিল ৷ দলটোৰ অভিযান কালত সুশান্তৰ ভনী মীতু সিং, ফ্লেটমেট সিদ্ধাৰ্থ পিঠানী, কৰ্মচাৰী দীপেশ সাৱন্ত, নীৰজ সিং আৰু কেশৱ বচ্চনেও সহযোগিতা আগবঢ়ায় ৷
আনহাতে, চিবিআইৰ উপৰিও ইডি আৰু নাৰ্কোটিকছ কন্ট্ৰোল ব্যুৰ’ৱেও সুশান্তৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: দীপিকা, সোনমৰ সৈতে ছবিত কাম কৰাৰ হেঁপাহ মিন্দী কলিঙৰ