ETV Bharat / sitara

কেনেকৈ জন প্ৰকাশ ৰাওৰ পৰিচয় হৈ পৰিছিল জনি লিভাৰ ?

ভাৰতৰ ষ্টেণ্ড-আপ কমেডিয়ানসকলৰ মাজৰ অন্যতম জনি লিভাৰে 64 বছৰত ভৰি দিলে ৷ জনি লিভাৰ হিচাপে পৰিচয় লাভ কৰালৈকে অভিনেতাগৰাকী সন্মুখীন হৈছিল কঠোৰ সংগ্ৰামৰ ৷ সপ্তম শ্ৰেণীতে বিদ্যালয় এৰিব লগা হোৱাৰ পাচত এটা কোম্পানীত কাম কৰাৰ পৰা আৰম্ভ কৰি জনি লিভাৰ হোৱালৈ অভিনেতাগৰাকীয়ে স্বীকাৰ কৰিব লগা হৈছিল বহু কষ্ট ৷

bollywood comedian johny levers 64th birthday

author img

By

Published : Aug 14, 2021, 8:18 AM IST

চিটাৰা ডেস্ক, 14 আগষ্ট : 64 বছৰত ভৰি দিলে বলিউদৰ কৌতুক সম্ৰাট জনি লিভাৰে(Johnny Lever) ৷ বহুকেইটা প্ৰজন্মক নিজৰ অভিনয় প্ৰতিভাৰে মনোৰঞ্জন দি অহা কৌতুক অভিনেতাজনে শনিবাৰে 64 বছৰত ভৰি দিয়ে ৷ নিঃসন্দেহে তেওঁৰ নামৰ অৱতাৰণা হোৱাৰ লগে লগে সকলোৰে মুখেৰে এক হাঁহিৰ আভা বিয়পি পৰে ৷ যিকোনো ধৰণৰ high-tension sequence এটাকো কৌতুকৰ মঞ্চলৈ পৰিৱৰ্তন কৰিব পৰাৰ ক্ষমতা থকা এইগৰাকী অভিনেতাৰ অভিনয় শৈলীক শত শত লোকে বিনাদ্বিধাই প্ৰশংসা কৰা দেখা যায় ৷

bollywood comedian johny levers 64th birthday
64 বছৰত ভৰি দিলে জনি লিভাৰে

জনি লিভাৰ হিচাপে সৰ্বজনবিদিত অভিনেতাগৰাকীৰ প্ৰকৃত নাম আচলতে এয়া নাছিল ৷ অন্ধ্ৰ প্ৰদেশৰ প্ৰাকচম জিলাৰ এটা খ্ৰীষ্টান তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰা জনি লিভাৰৰ প্ৰকৃত নাম আছিল জন প্ৰকাশ ৰাও জানুমালা( John Prakasa Rao Janumala) ৷ তেওঁৰ পিতৃয়ে নূন্যতম উপাৰ্জনেৰে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড (Hindustan Unilever Ltd )ত অপাৰেটৰৰ পদত কাম কৰিছিল ৷ উক্ত কোম্পানীতে জনিয়েও কাম কৰিছিল ৷ কোম্পানীটোত কৰ্মৰত অৱস্থাতে তেওঁ কোম্পানীৰ বাবে এক মঞ্চ প্ৰদৰ্শনী কৰিছিল ৷ সেই সময়তে তেওঁ নিজৰ নাম জনৰ পৰা জনিলৈ পৰিৱৰ্তন কৰে ৷

এটা খ্ৰীষ্টান তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰা জনি লিভাৰৰ প্ৰকৃত নাম আছিল জন প্ৰকাশ ৰাও জানুমালা

উক্ত প্ৰদৰ্শনীত Phir Hera Pheriৰ অভিনেতাগৰাকীয়ে Hindustan Leverৰ জ্যেষ্ঠ বিষয়াসকলৰ mimicry কৰিছিল ৷ তেওঁৰ অভিনয়ে সকলোকে আমোদ দিবলৈ সক্ষম হৈছিল ৷ সকলোৱে তেওঁৰ অভিনয় দক্ষতাৰ প্ৰশংসা কৰাৰ লগতে ইয়াৰ পাচৰে পৰা সহকৰ্মীসকলে তেওঁক জনি লিভাৰ বুলি মাতিবলৈ আৰম্ভ কৰে ৷ এনেধৰণৰ ইতিবাচক সঁহাৰিয়ে কৌতুকৰ প্ৰতি থকা তেওঁৰ আগ্ৰহৰ পৰা যাতে তেওঁ নতুন কিবা এটা কৰি দেখুৱাব পাৰে তাৰ তেওঁৰ মনোবল বৃদ্ধিত যথেষ্ট সহায় কৰিছিল ৷

এইয়াই আছিল আৰম্ভণি ৷ ষ্টেণ্ড-আপ কমেডি (stand up comedy)ত কেৰিয়াৰ গঢ়াৰ আশাৰে তেওঁ চাকৰি এৰি দিয়ে ৷ খুউব সোনকালে তেওঁ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে আৰু অৱশেষত 1981 চনত চাকৰি এৰি দিয়ে ৷ উল্লেখ্য যে, ষ্টেণ্ড-আপ কমেডিয়ান হিচাপে পূৰ্ণ পৰ্যায়ত সফলতা লাভ কৰিবলৈ তেওঁ ছয় বছৰ অপেক্ষা কৰিছিল ৷

লগতে পঢ়ক : Happy Birthday ৰূপ কী ৰাণী

বহু orchestraত ষ্টেণ্ড-আপ কমেডি শ্ব' কৰাৰ পাচত Golmaal 3 অভিনেতাজনে কল্যাণজী-আনন্দজী গোট(Kalyanji-Anandji group)ত যোগদান কৰাৰ সুযোগ লাভ কৰে ৷ এই সুযোগে তেওঁক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত পৰিচয় গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে ৷

ষ্টেণ্ড-আপ কমেডি (stand up comedy)ত কেৰিয়াৰ গঢ়াৰ আশাৰে তেওঁ চাকৰি এৰিছিল

সাধাৰণতে কিছুমান বিশেষ গুণে মানুহক ব্যতিক্ৰম কৰি তোলে ৷ জনিৰ ক্ষেত্ৰতো এই কথাষাৰ এশ শতাংশই প্ৰযোজ্য ৷ নিজৰ দক্ষতাৰে বৃহৎ সাফল্য অৰ্জন কৰিবলৈ হোৱাৰ পাচতো সকলোৰে বাবে জনি অতি নম্ৰ ৷ তেওঁৰ এটা বিশেষ গুণ হ'ল এয়ে যে, তেওঁ যথেষ্ট সময়ানুৱৰ্তী ৷ নিজৰ কামত তেওঁ সদায়েই অনুশাসন মানি চলে ৷ জানিব পৰা মতে নিৰ্ধাৰিত সময়তেই এঘন্টা পূৰ্বেই তেওঁ শ্বুটিং থলীত উপস্থিত হয় ৷

স্বাস্থ্যক লৈ যথেষ্ট সচেতন যদিও Khatta Meetha অভিনেতাগৰাকীয়ে জিম(Gym) বা যোগাসন নকৰে ৷ আন বহুতো মহান শিল্পীৰ দৰে সফলতাৰ শিখৰ স্পৰ্শ কৰাৰ পূৰ্বে জনিয়েও যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল ৷ মাত্ৰ সপ্তম শ্ৰেণীত থাকোতেই আৰ্থিক সমস্যাৰ বাবে তেওঁ বিদ্যালয় এৰিব লগা হৈছিল ৷ জীৱনৰ সৈতে সংগ্ৰাম চলাই থকাৰ সময়ছোৱাত তেওঁ ৰাস্তাত কলম বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি বিখ্যাত অভিনেতাসকলৰ ছদ্মবেশ লোৱাৰ দৰে বহুতো অদ্ভুত কাম কৰিছিল ৷

ৰাস্তাত কলম বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি বিখ্যাত অভিনেতাসকলৰ ছদ্মবেশ লোৱাৰ দৰে বহুতো অদ্ভুত কাম কৰিছিল জনি লিভাৰে

অৱশ্যে এই সকলোবোৰ বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি নিজৰ সপোনক তেওঁ শক্তিশালী কৰি তুলিছিল আৰু অৱশেষত তেওঁ নিজকে ভাৰতৰ এগৰাকী অন্যতম প্ৰধান ষ্টেণ্ড আপ কৌতুক অভিনেতাসকলৰ মাজৰ এজন হৈ পৰিল ৷ Tum Par Hum Qurban ছবিৰ জৰিয়তে তেওঁ বলিউদত আত্মপ্ৰকাশ কৰিছিল ৷ উক্ত ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়তেই অভিনেতা তথা পৰিচালক সুনীল দত্তই জনিৰ অভিনয় প্ৰতিভাক চিনাক্ত কৰিছিল আৰু এনেকৈয়ে তেওঁ জনিক তেওঁৰ ১৯৮২ চনৰ ছবি Dard Ka Rishtaত এটা চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিয়ে ৷

তাৰ পাচৰে পৰা অভিনেতাগৰাকীয়ে দিলৱালে(Dilwale), গোলমাল(Golmaal), সপুত(Sapoot), ফিৰ হেৰা ফেৰী(Phir Hera Pheri), জিত(Jeet), আন্দাজ(Andaaz), অজনবী(Ajnabee), বাদশ্বাহ(Baadshah), লাভ কে লিয়ে কুছ ভি কাৰেগা(Love Ke Liye Kuch Bhi Karega) আদিকে ধৰি 350 খনতকৈও অধিক ছবিত অভিনয় কৰিছে ৷

লগতে পঢ়ক : Birthday Special : ব্যস্ততাৰ মাজতো চাৰা আলী খানৰ 5 টা বিশেষ পছন্দৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.