চিটাৰা ডেস্ক,6 জুলাইঃ বৰ্তমান সময়ত জনপ্ৰিয় তাৰকা বুলিলে শীৰ্ষত থাকে অভিনেতা ৰণবীৰ সিঙৰ নাম ৷ নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত নিজা স্থান বনাবলৈ সক্ষম হৈছে অভিনেতাগৰাকী ৷ ৰণবীৰ সিঙে প্ৰত্যেকবাৰে এখনতকৈ আনখন ভাল ছবি দৰ্শকৰ বাবে লৈ আহে আৰু ছবিত তেওঁ যিদৰে অভিনয় কৰে সেই অভিনয়ে মোহাচ্ছন্ন কৰি পেলাই সকলো মানুহক ,কাৰণ তেওঁৰ অভিনয়ত এক বিশেষ যাদু আছে ৷
আজি আমি তেওঁৰ 35 বছৰীয়া জন্মদিনটোত তেওঁৰ জীৱনৰ সংঘৰ্ষৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ৷ আপুনি জানেনে তেওঁ যেতিয়া অভিনয় ক্ষেত্ৰত নিজৰ ঠাই বনাবলৈ সংঘৰ্ষ কৰি আছিল, তেতিয়া তেওঁক কোৱা হৈছিল যে, তেওঁ দেখিবলৈ ভাল নহয় আৰু এইটো চেহেৰাৰে ছবিজগতত ভৰি থোৱাটো যথেষ্ট জটিল হ'ব ৷ কিন্তু হাৰ নামানিলে অভিনেতাগৰাকীয়ে আৰু নিজৰ সপোন পূৰণ কৰিবৰ বাবে অশেষ কষ্ট কৰিলে আৰু ইয়াৰ ফলাফল অৱশেষত এইটোৱে হ'ল যে, বলীউডত তেওঁৰ চাহিদা বৰ্তমান শীৰ্ষ পৰ্যায়ত আছে ৷ বৰ্তমান অভিনেতাজনে ৰাজত্ব কৰি আছে লাখ লাখ অনুৰাগীৰ হৃদয়ত ৷
2010 চনত বেণ্ড বাজা বাৰাটৰ জৰিয়তে অভিনয় জগতত ভৰি থৈছিল ৰণবীৰ সিঙে ৷ ছবিখনে বক্স অফিচত ধামাকাৰ সৃষ্টি কৰিছিল ৷ লুটেৰা, ৰামলীলা, গুণ্ডে, দিল ধৰকনে দৌ, পদ্মাৱত আৰু গালী বয়ৰ দৰে ছবিত অভিনয় কৰা তাৰকাজনে হিন্দী জগতত ছবি জগতত সুকীয়া স্থান দখল কৰবলৈ সক্ষম হয় ৷
বলীউডৰ নৱাগত অভিনেতাসকলৰ ভিতৰত ৰণবীৰ সিং এনেকুৱা এগৰাকী অভিনেতা যি খান ত্ৰিমূৰ্তিক প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছে ৷ ৰণবীৰ সিঙক নিজৰ ছবিত কাষ্টিং কৰিবৰ বাবে সদায়েই উদ্যত হৈ থাকে সঞ্জয় লীলা ভাঞ্চালী, জয়া আখটাৰৰ দৰে বিশিষ্ট ছবি পৰিচালকসকল ৷
একে দশকতকৈ কম সময়ক কেৰিয়াৰত তেওঁ এক অভূতপূৰ্ব ফিল্মোগ্ৰাফী বনাবলৈ সক্ষম হৈছে ৷ এতিয়ালৈকে অভিনেতাগৰাকীয়ে বলীউড ক্ষেত্ৰখনত বহুকেইটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে ৷
বাজী ৰাও মাস্তানী, পদ্মাৱতৰ বাবেও তেওঁ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল ৷ ৰণবীৰ সিঙে এখনৰ পিছত আনখন হিট ছবি দৰ্শকক দিবলৈ সক্ষম হৈছে ৷ ৰণবীৰ সিঙে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ কেতিয়াবা এনেকুৱা লাগে যে তেওঁ এটা সপোনতহে জীয়াই আছে ৷
নিজৰ কষ্ট আৰু প্ৰতিভাৰ জৰিয়তে অভিনেতাগৰাকীয়ে নিজৰ ভাগ্য নিজেই লিখিছে ৷ ৰণবীৰ সিঙক দেখি এইটো অনুভৱ হয় যে মানুহৰ সপোনবোৰ সঁচা হ'ব পাৰে যদি আমাৰ সপোন পূৰা কৰাৰ দক্ষতা থাকে ৷
আগন্তুক ছবি এইট্টি থ্ৰিত তেওঁক দেখিবলৈ পোৱা যাব প্ৰসিদ্ধ ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰত ৷ শেষত ৰণবীৰ সিঙক ইটিভি ভাৰতৰ তৰফৰ পৰা জনালো জন্মদিনৰ অলেখ শুভকামনা ৷
লগতে পঢ়কঃভাৰতৰ তিনি প্ৰতিষ্ঠিত ছবি পৰিচালকৰ সৈতে একেলগে কাম কৰিব ৰীমা দাসে