ETV Bharat / sitara

অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ জন্মদিনৰ শুভেচ্ছা - ঐশ্বৰ্য ৰায় বচ্চনৰ জন্মদিন

আজি 48 বছৰত ভৰি দিলে বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চন(Aishwarya Rai Bachchan)য়ে ৷ ঐশ্বৰ্যৰ আকৰ্ষণীয় লুকৰ লগতে মডেলিং আৰু ফেশ্বন আজিও সকলোৰে মুখে মুখে চৰ্চিত ৷ ভাৰতীয় চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা ওপজা দিনৰ অলেখ শুভকামনা...

birthday greetings to miss world aishwarya rai bachchan
ঐশ্বৰ্য ৰায় বচ্চনলৈ জন্মদিনৰ শুভেচ্ছা
author img

By

Published : Nov 1, 2021, 8:43 AM IST

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী তথা বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চন(Aishwarya Rai Bachchan) ৷ অভিনয় বিশেষকৈ সৌন্দৰ্যৰে আজিও দৰ্শকক মোহিত কৰি ৰাখিছে এইগৰাকী Divaই ৷ আজি 48 বছৰত ভৰি দিলে ঐশ্বৰ্য ৰায় বচ্চনে ৷

aishwarya rai bachchan
ঐশ্বৰ্য ৰায় বচ্চন

ঐশ্বৰ্যৰ আকৰ্ষণীয় লুকৰ লগতে মডেলিং আৰু ফেশ্বনৰ কথা আজিও সকলোৰে মুখে মুখে ৷ 1994 চনত ‘বিশ্ব সুন্দৰী’(Miss World)ৰ খিতাপ লাভ কৰিছিল ঐশ্বৰ্যই ৷ ইয়াৰ পাচতে হিন্দী আৰু তামিল ছবিৰ জৰিয়তে তেওঁ আৰম্ভ কৰিছিল অভিনয়ৰ যাত্ৰা ৷ বহুকেইটা চলচ্চিত্ৰ বঁটাকে ধৰি 2009 চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী আৰু 2012 চনত ফ্ৰান্স চৰকাৰৰ দ্বাৰা ‘Ordre des Arts et des Lettres’ৰে সন্মানিত হৈছিল ঐশ্বৰ্য ।

miss world aishwarya rai bachchanaishwarya rai bachchan
বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চন

‘বিশ্বৰ অন্যতম ধুনীয়া মহিলা’ হিচাপে অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ঐশ্বৰ্যই প্ৰায়েই সংবাদ মাধ্যমত শিৰোনাম দখল কৰে ৷ 1973 চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ মাংগালোৰত জন্মগ্ৰহণ কৰিছিল ঐশ্বৰ্যই ৷ কিন্তু তেওঁৰ পৰিয়ালৰ সৈতে মুম্বাইলৈ স্থানান্তৰিত হয় আৰু তাতেই পঢ়া-শুনা সম্পূৰ্ণ কৰে ৷

aishwarya rai bachchan with family
পৰিয়ালৰ সৈতে ঐশ্বৰ্য ৰায় বচ্চন

1997 চনত মুক্তিলাভ কৰা তামিল চলচ্চিত্ৰ ‘ইৰুভাৰ’ৰ জৰিয়তে অভিনয় জগতত ভৰি দিছিল ঐশ্বৰ্যই ৷ একেই বছৰতে হিন্দী চলচ্চিত্ৰ ‘ঔৰ প্যাৰ হো গয়া’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ ঘটিছিল অভিনেত্ৰীগৰাকীৰ ৷ সুন্দৰতাৰে সকলোৰে চকুত যাদু কৰা ঐশ্বৰ্যই মডেলিঙৰ পূৰ্বে এগৰাকী স্থপতিবিদ হ’ব হোৱাৰ আশা পুহি ৰাখিছিল ৷

aishwarya rai bachchan with family
পৰিয়ালৰ সৈতে ঐশ্বৰ্য ৰায় বচ্চন

নীলা চকুৰ অধিকাৰী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন বাহ্যিক দিশৰ লগতে মনৰ পৰাও অধিক ধুনীয়া । চলচ্চিত্ৰ জগতত নিজৰ অভিনয় শৈলী আৰু সৌন্দৰ্য বজাই ৰখা ঐশ্বৰ্যই তেওঁৰ সন্তান আৰু পৰিয়ালৰ দায়িত্বও সমানে বহন কৰি আহিছে ।

লগতে পঢ়ক : ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু প্ৰবীণ অভিনেতা ইউছুফ হুছেইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.