চিটাৰা ডেস্ক,4 নৱেম্বৰ : কালাৰ্ছত সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছৰ 14 নং চিজনৰ প্ৰাক্তন হাইছমেট অভিনেত্ৰী কবিতা কৌশিকে সম্প্ৰতি চ’ছিয়েল মিডিয়াত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷
সহযোগী হাউছমেট অভিনেতা ইজাজ খানৰ সৈতে হোৱা তৰ্কযুদ্ধত কবিতাই ব্যক্ত কৰা কিছু শব্দৰ বাবে বিগ বছ অনুৰাগীসকলে কবিতাক ট্ৰোল কৰা দেখা গৈছে ৷
ইজাজৰ সৈতে হোৱা তৰ্কযুদ্ধই কবিতাক সকলোৰে বিৰুদ্ধে কৰি তুলিছিল আৰু বিগ বছত প্ৰৱেশ কৰাৰ এসপ্তাহ পাচতে বাহিৰ কৰি দিয়া বুলি কবিতাই অনুভৱ ব্যক্ত কৰে ৷
এটা সাধাৰণ কথাকে ওলোটাকৈ বুজি লোৱা হৈছে যিটোত তেওঁ আচৰিত হৈছে ৷ ইজাজৰ দৰে ব্যক্তিৰ বন্ধুত্ব আৰু ভালপোৱাৰ প্ৰয়োজন নাই ৷ এক সাক্ষাৎকাৰযোগে নিজ অনুভৱ ব্যক্ত কৰে অভিনেত্ৰী কবিতা কৌশিকে ৷
লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে,‘‘ইজাজে সকলো লোককে ব্যৱহাৰ কৰে ৷ মোৰ ভুল আছিল যে মোৰ বেয়া লাগিছিল ৷ মই মনৰ পৰা খেলিছিলো’’ ৷
শ্ব’ৰ জৰিয়তে ইজাজে তেওঁৰ ৰেকৰ্ড ভালদৰে গঢ়িবলৈ চেষ্টা কৰিছে ৷ আনহাতে কবিতাই ইজাজক এজন ‘সুবিধাবাদী’ আখ্যা দিছে ৷
লগতে পঢ়ক : 50 বছৰত ভৰি দিলে অভিনেত্ৰী তাবুৱে