চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ‘বচপন কা প্যাৰ’ Sensation সহদেৱ দিৰদো (Bachpan ka Pyar Sensation Sahdev hospitalized) ৷ মূৰত গুৰুতৰভাৱে আঘাত পোৱা সহদেৱক ততাতৈয়াকৈ জগদলপুৰৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷
পিতৃৰ সৈতে মটৰচাইকেলেৰে গাঁৱলৈ গৈ থকা অৱস্থাত 10 বছৰীয়া কিশোৰজন আঘাতপ্ৰাপ্ত হয় ৷ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু পৰিচিত ব্যক্তিয়ে সহদেৱৰ আশু-আৰোগ্য কামনা কৰে ৷ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সহদেৱৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো খা-খৰচ যোগান ধৰাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, বচপন কা প্যাৰ শীৰ্ষক গীতটোৰে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সহদেৱ ৷ ভাইৰেল হৈ পৰা ভিডিঅ’ দেখি বলীউডৰ গায়ক বাদশ্বাহেও সহদেৱৰ সৈতে গীতটোৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল ৷
লগতে পঢ়ক: Disha Tiger enjoying their Holiday On Seaside : সমুদ্ৰতীৰত অৱসৰ কটাইছে দিশা-টাইগাৰে