ETV Bharat / sitara

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰশংসাৰে উপচালে অভিনেতা চনু চুডক

author img

By

Published : Jun 11, 2020, 6:04 PM IST

মুম্বাইত থকা অসমৰ 180 গৰাকী প্ৰৱাসী শ্ৰমিকক ৰাজ্যলৈ বিমানযোগে উভতাই পঠালে অভিনেতা চনু চুডে ৷ অভিনেতাগৰাকীৰ এনে মহান কামৰ বাবে ছ'চিয়েল মিডিয়া যোগে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Assam CM Sonowal praises Bollywood Actor Sonu sood
মুখ্যমন্ত্ৰী সোণোৱালে প্ৰশংসাৰে উপচালে অভিনেতা চনু চুডক

নিউজ ডেস্ক,11 জুনঃ কৰ'ণা মহামাৰীৰ এই জটিল সময়ত যথেষ্ট দুৰ্ভোগ ভুগিছিল প্ৰৱাসী শ্ৰমিকসকলে ৷ বহুজনে নিজ ৰাজ্যলৈ বুলি খোজকাঢ়ি বাট বুলিছিল, তেনে সময়তে প্ৰৱাসী শ্ৰমিক সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চুড ৷ মহাৰাষ্ট্ৰত বাস কৰা বিভিন্ন ৰাজ্যৰ প্ৰৱাসী শ্ৰমিকক নিজগৃহলৈ উভতাই পঠাবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে অভিনেতাগৰাকীয়ে ৷

মুম্বাইস্থিত অসমীয়া প্ৰৱাসী শ্ৰমিকসকলকো তেঁও বিভিন্ন মাধ্যমেৰে ঘৰলৈ উভতাই পঠাইছে ৷ শেহতীয়াকৈ বিমানযোগে নিজা খৰচেৰে 180 গৰাকী প্ৰৱাসী শ্ৰমিকক শিলচৰৰ নিজা ঘৰলৈ উভতাই পঠিয়ালে অভিনেতা চনু চুডে ৷ এই কথাৰ বাবে তেঁওক প্ৰশংসাৰে উপচাই তুলিলে বহুজনে ৷ ৰিল লাইফৰ খলনায়ক আজি ৰিয়েল লাইফৰ নায়ক ৷ এইগৰাকী নায়কক কৃতজ্ঞতা জ্ঞাপন কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতা চনু চুডক ৷

  • Apart from being a great actor, Shri @SonuSood is a great human being and a good samaritan to those in need.

    I convey my heartfelt thanks for arranging a flight to ferry 180 migrants of Assam stuck in Mumbai to Silchar. Kudos for your gesture.

    — Sarbananda Sonowal (@sarbanandsonwal) June 11, 2020 " class="align-text-top noRightClick twitterSection" data="

Apart from being a great actor, Shri @SonuSood is a great human being and a good samaritan to those in need.

I convey my heartfelt thanks for arranging a flight to ferry 180 migrants of Assam stuck in Mumbai to Silchar. Kudos for your gesture.

— Sarbananda Sonowal (@sarbanandsonwal) June 11, 2020 ">

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ বিমান বন্দৰৰ পৰা মঙলবাৰে 7 বজাত স্ব-গৃহলৈ অগ্ৰসৰ হৈছিল অসমৰ 180 গৰাকী মুম্বাইস্থিত প্ৰৱাসী শ্ৰমিক ৷ প্ৰৱাসী শ্ৰমিকৰ বাবে এই মহামাৰীৰ সময়ত আতংক তথা আৰ্থিক অনাটনৰ সময়ত চনু চুড হৈ পৰিল আশাৰ কিৰণ স্বৰূপ ৷

লগতে পঢ়কঃ লক ডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকৰ জীৱন

নিউজ ডেস্ক,11 জুনঃ কৰ'ণা মহামাৰীৰ এই জটিল সময়ত যথেষ্ট দুৰ্ভোগ ভুগিছিল প্ৰৱাসী শ্ৰমিকসকলে ৷ বহুজনে নিজ ৰাজ্যলৈ বুলি খোজকাঢ়ি বাট বুলিছিল, তেনে সময়তে প্ৰৱাসী শ্ৰমিক সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চুড ৷ মহাৰাষ্ট্ৰত বাস কৰা বিভিন্ন ৰাজ্যৰ প্ৰৱাসী শ্ৰমিকক নিজগৃহলৈ উভতাই পঠাবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে অভিনেতাগৰাকীয়ে ৷

Assam CM Sonowal praises Bollywood Actor Sonu sood
মুখ্যমন্ত্ৰী সোণোৱালে প্ৰশংসাৰে উপচালে অভিনেতা চনু চুডক

মুম্বাইস্থিত অসমীয়া প্ৰৱাসী শ্ৰমিকসকলকো তেঁও বিভিন্ন মাধ্যমেৰে ঘৰলৈ উভতাই পঠাইছে ৷ শেহতীয়াকৈ বিমানযোগে নিজা খৰচেৰে 180 গৰাকী প্ৰৱাসী শ্ৰমিকক শিলচৰৰ নিজা ঘৰলৈ উভতাই পঠিয়ালে অভিনেতা চনু চুডে ৷ এই কথাৰ বাবে তেঁওক প্ৰশংসাৰে উপচাই তুলিলে বহুজনে ৷ ৰিল লাইফৰ খলনায়ক আজি ৰিয়েল লাইফৰ নায়ক ৷ এইগৰাকী নায়কক কৃতজ্ঞতা জ্ঞাপন কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতা চনু চুডক ৷

  • Apart from being a great actor, Shri @SonuSood is a great human being and a good samaritan to those in need.

    I convey my heartfelt thanks for arranging a flight to ferry 180 migrants of Assam stuck in Mumbai to Silchar. Kudos for your gesture.

    — Sarbananda Sonowal (@sarbanandsonwal) June 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ বিমান বন্দৰৰ পৰা মঙলবাৰে 7 বজাত স্ব-গৃহলৈ অগ্ৰসৰ হৈছিল অসমৰ 180 গৰাকী মুম্বাইস্থিত প্ৰৱাসী শ্ৰমিক ৷ প্ৰৱাসী শ্ৰমিকৰ বাবে এই মহামাৰীৰ সময়ত আতংক তথা আৰ্থিক অনাটনৰ সময়ত চনু চুড হৈ পৰিল আশাৰ কিৰণ স্বৰূপ ৷

লগতে পঢ়কঃ লক ডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.