ETV Bharat / sitara

Aryan Khan case : জামিন লাভৰ পিছতো কিয় NCB ৰ কাৰ্যালয়লৈ তাঁত-বাটি কাঢ়িছে আৰিয়ানে ? - শ্বাহৰুখ খান

পুনৰ NCB ৰ কাৰ্যালয়ত উপস্থিত হৈছে বলিউদৰ বাদশ্বাহ তনয় আৰিয়ান খান ৷ কিয় জামিন লাভৰ পিছতো NCB ৰ কাৰ্যালয়ত হাজিৰ হ’ব লগীয়া হৈছে আৰিয়ান খান ? জানো আহক সবিশেষ ৷

Aryan Khan appears before NCB to mark his weekly presence
Aryan Khan case : জামিন লাভৰ পিছতো কিয় NCB ৰ কাৰ্যালয়লৈ তাঁত-বাটি কাঢ়িছে আৰিয়ানে ?
author img

By

Published : Nov 12, 2021, 5:50 PM IST

চিটাৰা ডেস্ক, 12 নবেম্বৰ : শেহতীয়াকৈ ড্ৰাগছ-অন-ক্ৰুজ গোচৰত জামিন লাভ কৰা আৰিয়ান খানে তেওঁৰ সাপ্তাহিক (প্ৰতি শুকুৰবাৰে) উপস্থিতি চিহ্নিত কৰিবলৈ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো ( Narcotics Control Bureau)ৰ সন্মুখত হাজিৰ হয় । ৭ নৱেম্বৰত এনচিবিৰ বিশেষ অনুসন্ধানকাৰী দলে আৰিয়ান খানক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল, অৱশ্যে তেওঁ জ্বৰৰ কথা উল্লেখ কৰি উপস্থিত হ'ব পৰা নাছিল ।

বোম্বে উচ্চ ন্যায়ালয়ে ২৯ অক্টোবৰত আৰিয়ান খানৰ এক বিতং জামিন আদেশ জাৰি কৰিছিল, য'ত কোৱা হৈছিল যে তেওঁ প্ৰতি শুকুৰবাৰে এনচিবিৰ সন্মুখত হাজিৰ হ'ব লাগিব ৷ ইয়াৰোপৰি, তেওঁক তেওঁৰ পাছপোৰ্ট সমৰ্পণ কৰিবলৈকো জনোৱা হৈছিল । আদালতে তিনিওজন জামিন আবেদনকাৰী - আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুম ধামেচাক তেওঁলোকৰ উপস্থিতি চিহ্নিত কৰিবলৈ প্ৰতি শুকুৰবাৰে পুৱা 11.00 বজাৰ পৰা 2.00 বজাৰ ভিতৰত এনচিবি মুম্বাই কাৰ্যালয়ত হাজিৰ হ'বলৈ কৈছিল ৷

উল্লেখযোগ্য যে, আদালতে ২৯ অক্টোবৰত আৰিয়ান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাক জামিন প্ৰদান কৰে । আৰিয়ানক খানক ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল । এনচিবিৰ এটা দলে ২ অক্টোবৰত মধ্য সাগৰত গোৱালৈ গৈ থকা কৰ্ডেলিয়া ক্ৰুজ জাহাজত এটা ড্ৰাগছ পাৰ্টি উদ্ঘাটন কৰিছিল । এই গোচৰটোত এতিয়ালৈকে দুজন নাইজেৰিয়ান নাগৰিককে ধৰি মুঠ ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক : শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.