চিটাৰা ডেস্ক,১৭ এপ্ৰিল: ২০১৪ চনত মুক্তি প্ৰাপ্ত ছবি 'এক ভিলেইন'ৰ ছিকুৱেল 'এক ভিলেইন ৰিটাৰ্ণছ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে অৰ্জুন কাপুৰ আৰু তাৰা ছুটাৰিয়াই । শনিবাৰে অৰ্জুন কাপুৰ আৰু তাৰা ছুটাৰিয়াই এই কথা প্ৰকাশ কৰে । ৰোমাণ্টিক থ্ৰিলাৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰথম দিনটোৰ বিষয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে তাৰাই লিখিছিল ৷ লগতে অৰ্জুন, নিৰ্দেশক মোহিত ছুৰি আৰু প্ৰযোজক আমোল বিকাশ মোহনক টেগ কৰিছিল ।
তাৰাই এটা বুমাৰেং ভিডিঅ' শ্বেয়াৰ কৰিছিল । তাৰাৰ পোষ্টটোকে পুনৰ শ্বেয়াৰ কৰি অৰ্জুনে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা অনুৰাগীক জনাইছিল । ২০১৭ চনত 'হাফ গাৰ্লফ্ৰেণ্ড' ছবিত কাম কৰাৰ পিছত পুনৰ মোহিত ছুৰিৰ সৈতে কাম কৰিছে । ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে যোৱা ১৪ এপ্ৰিলত গোৱাত উপস্থিত হৈছিল অৰ্জুন আৰু তাৰা ।
- " class="align-text-top noRightClick twitterSection" data="
">
যোৱা ১ মাৰ্চত মুম্বাইত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল আৰু প্ৰথমটো দৃশ্যত জন আব্ৰাহাম আৰু দিশা পাটানীয়ে কাম কৰিছিল । কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোৱাৰ এক সুৰক্ষিত স্থানত দৃশ্যগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । ২০১৪ চনত মুক্তি লাভ কৰা ছবি 'এক ভিলেইন'ত সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ আৰু ৰীতেশ দেশমুখে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।