চিটাৰা ডেস্ক,6 জানুৱাৰীঃ সংগীতৰ গুৰু এ.আৰ.ৰহমান,তেওঁৰ বাবে আজিৰ দিনটো বিশেষ ৷ এইবাবেই বিশেষ কাৰণ আজি তেওঁৰ জন্মদিন ৷
সোমবাৰে তেওঁ, আইকনিক গীত 'মা তুঝে চলাম'ৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰি আৱেগিক হৈ পৰে ৷ পদ্মশ্ৰী বঁটা বিজেতা গৰাকীয়ে দুটা দশকজুৰি নিজৰ গীতেৰে শ্ৰোতাক আপ্লুত কৰি আহিছে ৷
1997 চনত মুক্তি পাইছিল তেওঁৰ দেশভক্তিমূলক গীতৰ এলবাম বন্দে মাতৰম ৷ এলবামৰ গীতকেইটা মনত পেলাই ৰহমানে নিজৰ মাতৃ কৰীমা বেগমৰ সৈতে নিজৰ সম্বন্ধৰ বিষয়ে আৰু নিজৰ সফলতাত মাতৃৰ ভূমিকা সম্বন্ধে ব্যক্ত কৰে ৷ ৰহমানে 'মা তুঝে চলাম' গীতটো সন্দৰ্ভত কয় যে, "মোৰ মগজুত এইটো কথা আছিল যে মই এই গীতটো কেনেকৈ বনাও,ভাবি আছিলো যে দেশভক্তিমূলক গীতটোৱে আদৰ লাভ কৰিবনে নকৰে ৷ সেয়ে দেশ নহয়,এই গানটো নিজৰ মাতৃৰ লগত তুলনা কৰি গাইছিলো আৰু এইদৰেই মই গীতটো বনাইছিলো ৷ "
ইতিমধ্যে এই গীতটোৱে সকলোতকৈ অধিক ভাষাত গোৱা গীতৰ ক্ষেত্ৰত গীণিজ বুক অফ ৰেকৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ৷
লগতে চাওকঃবঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে হস্তী পূজা