চিটাৰা ডেস্ক,14 জুলাইঃ এক মাহ পূৰ্ণ হ'ল সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৷ 14 জুনৰ দিনা অভিনেতাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল তেওঁৰ বান্দ্ৰাস্থিত বাসগৃহত ৷ এক মাহ পূৰ্ণ হোৱাৰ এই ক্ষণত সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেই নিজৰ ইনষ্টাগ্ৰামযোগে এটা প'ষ্ট শ্বেয়াৰ কৰে ৷ সুশান্তৰ মৃত্যুৰ পিছত এইটোৱে অভিনেত্ৰীগৰাকীৰ প্ৰথম প'ষ্ট ৷ সম্পূৰ্ণ এমাহ তেওঁ নিস্ক্ৰিয় হৈ আছিল ছ'চিয়েল মিডিয়াৰ জগতখনত ৷ মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে এখন চাকি জ্বলি থকা ফটো শ্বেয়াৰ কৰে আৰু লগতে লিখে, " ঈশ্বৰৰ সন্তান" ৷
- " class="align-text-top noRightClick twitterSection" data="
">
অংকিতাৰ এই প'ষ্টটোত যথেষ্ট অনুৰাগীয়ে কমেন্ট প্ৰদান কৰিছে ৷ সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমেন্টটোৰ মাধ্যমেৰে ৷
জনাই থও যে,পৱিত্ৰ ৰিস্তা টিভি ধাৰাবাহিকত একেলগে কাম কৰিছিল সুশান্ত সিং ৰাজপুত আৰু অংকিতা লোখণ্ডে৷ দুয়ো যথেষ্ট সময় ধৰি ভালপোৱাৰ সম্পৰ্কত আছিল ৷ দুয়োৰে বিবাহৰ গুজৱ চলি থাকোতেই হঠাতেই দুয়োৰে মাজত ব্ৰেক আপ হোৱাৰ খবৰ আহিছিল ৷ সুশান্তৰ মৃত্যুৰ পিছত কোনোধৰণৰ সামাজিক মাধ্যমত কথা কোৱাৰ পৰা বিৰত আছিল অভিনেত্ৰী গৰাকী ৷ শেহতীয়াকৈ তেওঁ প্ৰকাশ কৰা প'ষ্টটোৱে আৱেগিক কৰি তুলিলে সুশান্ত আৰু অংকিতাৰ অনুৰাগীসকলক ৷
লগতে পঢ়কঃএইবাৰ চাৰা আলী খানৰ ঘৰত ওলাল কৰ'ণা ৰোগী