ETV Bharat / sitara

দেউতাকৰ স্মৃতিয়ে আমনি কৰিছে অমিতাভ বচ্চনক

মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈ থকা এই অকলশৰীয়া দিনকেইটাত মেগাষ্টাৰ অমিতাভ বচ্চন যথেষ্ট সক্ৰিয় হৈ আছে ছ'চিয়েল মিডিয়াত ৷ তেওঁ শেহতীয়াকৈ শ্বেয়াৰ কৰিছে যে এই অকলশৰীয়া মূহুৰ্তত অমিতাভ বচ্চনক আমনি কৰিছে তেওঁৰ দেউতাকৰ স্মৃতিয়ে ৷

amitabh bachchan is missing his late father Harivansh Rai bachchan
অকলশৰীয়া মূহুৰ্তত দেউতাকৰ স্মৃতিয়ে আমনি কৰিছে অমিতাভ বচ্চনক
author img

By

Published : Jul 27, 2020, 5:44 PM IST

চিটাৰা ডেস্ক,27 জুলাইঃ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ হোৱাৰ বাবে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈ আছে বিগ বি অমিতাভ বচ্চন ৷ এইকেইটা দিনত তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে ৷ প্ৰায়েই ইনষ্টাগ্ৰাম আৰু টুইটাৰ যোগে শ্বেয়াৰ কৰি আছে নিজৰ মনৰ অনুভৱ ৷ শেহতীয়াকৈ তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে , য'ত তেওঁ কৈছে যে, তেওঁৰ পিতৃ হৰিবংশ ৰায়ৰ স্মৃতিয়ে তেওঁক বৰকৈ আমনি কৰিছে ৷

  • T 3606 - बाबूजी की कविता के कुछ पल । वो इसी तरह गाया करते थे कवि सम्मेलनों में । अस्पताल के अकेले पन में उनकी बहुत याद आती है, और उन्हीं के शब्दों से अपनी सूनी रातों को आबाद करता हूँ । pic.twitter.com/KmSJoliQmz

    — Amitabh Bachchan (@SrBachchan) July 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে তেওঁ লিখিছে ," বাবুজীৰ কবিতাৰ কিছু ক্ষণ ৷ তেওঁ এনেদৰেই গাইছিল কবি সন্মিলনত ৷ হাস্পতালৰ অকলশৰীয়া ক্ষণত তেওঁলৈ বহুত মনত পৰিছে আৰু তেওঁৰ শব্দবোৰেৰে নিজৰ শূণ্য ৰাতি জীপাল কৰিছো ৷ "

বিগ বি অমিতাভ বচ্চনে শ্বেয়াৰ কৰা ভিডিঅ'টোত তেওঁ নিজৰ পিতৃৰ কবিতা পাঠ কৰি থকা পৰিলক্ষিত হৈছে ৷

  • T 3607 -" Being challenged in life is inevitable, being defeated is optional."~ ef

    जीवन में चुनौतियाँ तो निश्चित हैं ; लेकिन हार जाना वैकल्पित , रुचिपूर्ण , संदिग्ध - जिसके संबंध में किसी प्रकार का अनिश्चय हो। pic.twitter.com/BKgo6NY9LK

    — Amitabh Bachchan (@SrBachchan) July 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে নিজৰ এখন ফটো শ্বেয়াৰ কৰি কেপচনত লিখে," জীৱনত প্ৰত্যাহ্বান সুনিশ্চিত কিন্তু হাৰ মনাটো বিকল্পদায়ক, ৰুচিগত আৰু সন্দিহান- যাৰ সম্বন্ধ কিছু অনিশ্চয়তাৰ লগত ৷"

  • T 3607 -" दुश्मन बनाने के लिए ज़रूरी नही लड़ा जाए,
    आप थोड़े कामयाब हो जाओ तो वो ख़ैरात में मिलेंगें " ~

    In order to make enemies it is not essential to fight .. just be a little successful, you'll get them at a pittance ..

    🙏🙏🙏 pic.twitter.com/IIhTSoFHVZ

ইয়াৰোপৰি অভিনেতা গৰাকীয়ে নিজৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰে ৷ য'ত অভিনেতাগৰাকীৰ সমগ্ৰ মুখমণ্ডলত ৰঙা লিপষ্টিকৰ দাগ দেখা গৈছে ৷ তেওঁ ফটোখনৰ সৈতে লিখিছে,"শত্ৰু বনাবৰ বাবে কাজিয়া কৰিবৰ বাবে প্ৰয়োজন নাথাকে, আপুনি অলপমান সফল হওক ,শত্ৰু অনুদান হিচাপেই লাভ কৰিব ৷"

  • T 3607 - Shravan Somvaar .. he ishwar aapki kripa bani rahe !
    श्री विठ्ठल मंदिर, शीव, मुंबई - ४०० ०२२
    श्रावण शुद्ध सप्तमी/अष्टमी, (श्रावणी सोमवार, शिवपूजन, शिवामूठ - तांदुळ,दुर्गाष्टमी) सोमवार, २७ जुलै २०२०.j pic.twitter.com/8KKK2QyaAW

লগতে তেওঁ আৰু এখন ফটো প্ৰকাশ কৰে শাওনৰ দ্বিতীয়টো সোমবাৰ উপলক্ষে ৷

লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ভাষ্য প্ৰদান মহেশ ভাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.