ETV Bharat / sitara

COVID-১৯ আক্ৰান্ত ৰণবীৰ কাপুৰৰ সৈতে ফ'টো শ্বেয়াৰ আলিয়াৰ

author img

By

Published : Mar 12, 2021, 4:28 PM IST

শুকুৰবাৰে আলিয়াই প্ৰেমিক ৰণবীৰৰ হাত ধৰি থকা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । 'Major missing' বুলি কেপছন লিখা ফটোখনত দুঘন্টাৰ ভিতৰতে মিলিয়নতকৈও অধিক অনুৰাগীয়ে লাইক কৰে ।

'Major missing' বুলি ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ

চিটাৰা ডেস্ক, ১২ মাৰ্চ: বৃহস্পতিবাৰে আলিয়া ভাটে মহা শিৱৰাত্ৰি উপলক্ষে মুম্বাইৰ জুহুৰ মুক্তেশ্বৰ মন্দিৰলৈ যোৱাৰ এক ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । শুকুৰবাৰে, আলিয়াই প্ৰেমিক ৰণবীৰৰ হাত ধৰি থকা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । 'Major missing' বুলি কেপছন লিখা ফটোখনত দুঘন্টাৰ ভিতৰতে মিলিয়নতকৈও অধিক অনুৰাগীয়ে লাইক কৰে । উল্লেখ্য যে, বলীউড অভিনেতা ৰণবীৰ কাপুৰ চলিত সপ্তাহৰ আৰম্ভণিতে COVID-১৯ পজিটিভ ধৰা পৰে । সম্প্ৰতি নিজ গৃহত কোৱাৰেন্টাইনত আছে ৰণবীৰ কাপুৰ । পালি পাহাৰত ৰণবীৰ আৰু আলিয়াই গৃহ নিৰ্মাণ কৰিবলৈ ওলোৱা বুলি কিছুদিন পূৰ্বে এক উৰাবাতৰি বিয়পিছিল । বিগত মাহত দুয়োজনকে ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ সৈতে একেলগে গৃহ নিৰ্মাণ স্থানত দেখা গৈছিল ।

ইফালে, আলিয়াই বৃহস্পতিবাৰে অনুৰাগীসকলক আশ্বাস দি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল যে যিহেতু আলিয়াৰ COVID-১৯ পজিটিভ ধৰা পৰা নাই গতিকে তেওঁ কাম পুনৰ আৰম্ভ কৰিব । উল্লেখ্য যে, পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে COVID-১৯ ৰ পজিটিভ ধৰা পৰাৰ পাচতে ৰণবীৰ কাপুৰেও COVID-১৯ পৰীক্ষা কৰিছিল । শেহতীয়াকৈ আলিয়াই ভাঞ্চালীৰ আহিবলগীয়া ছবি 'গংগুবাই কাথিয়াৱাড়ী'ৰ বাবে শ্বুটিঙত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক: পাপাৰাজ্জিৰ জৰিয়তে মুম্বাইত ফটোশ্বুট কৰিলে বহু বলিউড তাৰকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.