চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ : আগ্ৰাত দৃশ্যগ্ৰহণ চলি থকা আনন্দ এল ৰায়ৰ আগন্তুক ছবি 'অতৰংগী ৰে'ৰ দৃশ্যগ্ৰহণস্থলীৰ পৰা এটা হাস্যকৰ ভিডিঅ' শ্বেয়াৰ কৰিছে বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰে । অভিনেতাগৰাকীয়ে ইনষ্টামগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এই ভিডিঅ'টোত তেওঁক মোগল সম্ৰাট শ্বাহজাহানৰ ৰূপত দেখা গৈছে । হাতত এপাহ গোলাপ ফুল লৈ তাজমহলৰ সন্মুখত লাহে লাহে ঘূৰি আছে আৰু ভিডিঅ'ৰ কেপচনত লিখিছে, 'ৱাহ তাজ' । পোষ্ট শ্বেয়াৰ কৰাৰ পিছতে ইনষ্টাগ্ৰামত ১ লাখ লাইক অতিক্ৰম কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
'অতৰংগী ৰে' ছবিখনত ছাৰা আলী খানে বিহাৰৰ ছোৱালীৰ অভিনয় কৰিছে । ছবিখনত অক্ষয় আৰু ধনুশৰ সৈতে সম্পৰ্ক গঢ়ি উঠে ছাৰাৰ । মুম্বাই, দিল্লী আৰু মাদুৰাইত ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে । লকডাউনৰ পূৰ্বেই ধনুশ আৰু ছাৰাই ছবিখনৰ বাৰাণসীৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে । ২০২১ত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ কাহিনীভাগ লিখিছে হিমাংশু শৰ্মাই । ছবিখনতো নিম্ৰট কুমাৰকো দেখা পোৱা যাব ।
লগতে পঢ়ক:পুত্ৰ টাইমুৰৰ চাৰি বছৰীয়া জন্মদিন পালন কৰিলে চেইফ আৰু কৰীণাই