ETV Bharat / sitara

মোবাইলৰ স্ক্ৰীণৰ ছবিয়ে ছবিগৃহৰ নিচিনা আকৰ্ষণ কৰিব নোৱাৰে : অক্ষয় কুমাৰ

author img

By

Published : Nov 14, 2020, 3:38 PM IST

অভিনয়ত নিজৰ চিনেমেট্ৰিক অভিজ্ঞতা কোনেও সলনি কৰিব নোৱাৰে ৷ ছবিগৃহ আৰু অটিটি প্লেটফ’ৰ্মত ছবি মুকলি কৰাৰ ক্ষেত্ৰত বহু পাৰ্থক্য আছে ৷ এই মন্তব্য অভিনেতা অক্ষয় কুমাৰৰ ৷

Akshay Kumar: Film on mobile doesn't have same charm as big screen
মোবাইলৰ স্ক্ৰীণৰ ছবিয়ে ছবিগৃহৰ নিচিনা আকৰ্ষণ কৰিব নোৱাৰে : অক্ষয় কুমাৰ

চিটাৰা ডেস্ক, 14 নৱেম্বৰ : বলিউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে অভিনয় সন্দৰ্ভত মন্তব্য কৰি কয় যে, নিজৰ চিনেমেট্ৰিক অভিজ্ঞতা কোনেও সলনি কৰিব নোৱাৰে ৷ ক’ভিড মহামাৰীৰ সময়ছোৱাত ছবিসমূহ ডিজিটেলৰূপে মুকলি কৰাই একমাত্ৰ উপায় ৷

অক্ষয় কুমাৰৰ শেহতীয়াকৈ মুক্তিলাভ কৰা ‘লক্ষ্মী বোম্ব’ ছবিখনৰ মুক্তিক লৈ তেওঁ এই অনুভৱ কৰাৰ কথা প্ৰকাশ কৰে ৷ ছবিগৃহ আৰু অ’টিটি প্লেটফ’ৰ্মত ছবি মুকলি কৰাৰ ক্ষেত্ৰত বহু পাৰ্থক্য আছে বুলি সংবাদ মাধ্যমযোগে অক্ষয় কুমাৰে উল্লেখ কৰে ৷ তেওঁ কয় যে, ঘৰতে বহি মোবাইলত ছবি চোৱা আৰু ছবিগৃহত গৈ উপভোগ কৰাত অনুভৱ পৃথক পৃথক ৷

ইয়াৰোপৰি শীঘ্ৰেই ক’ভিড মহামাৰী দূৰ হৈ যাতে সকলোৱে আগৰ দৰে ছবিগৃহত ছবি উপভোগ কৰিব পাৰে তাৰ আশা প্ৰকাশ কৰিছে খিলাড়ী অক্ষয় কুমাৰে ৷

উল্লেখ্য যে, ‘লক্ষ্মী বোম্ব’ ছবিখন ছবিগৃহত মুক্তিলাভ কৰাৰ কথা আছিল যদিও ক’ভিড সংক্ৰমণৰ বাবে ছবিখন অ’টিটি প্লেটফ’ৰ্মত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ছবি নিৰ্মাতাই ৷ ছবিখনত অক্ষয়ে এগৰাকী তৃতীয় লিংগৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ এই ছবিখন তামিল ব্লকবাষ্টাৰ ছবি "Muni 2: Kanchana"ৰ ৰিমেক ৷ ছবিখন ইতিমধ্যে ডিজনী হটষ্টাৰত মুক্তিলাভ কৰিছে ৷

লগতে পঢ়ক : ‘ছালাং’ ছবিখনে সকলো পিতৃ-মাতৃ আৰু সন্তানক অনুপ্ৰেৰণা যোগাবঃ অজয় দেৱগন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.