চিটাৰা ডেস্ক, 28 মে': দেশজুৰি চলি থকা সংকটৰ সময়ত পুনৰ সহায়ৰ হাত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ । শেহতীয়াকৈ চিনেমা জগতৰ সৈতে জড়িত কলা-কুশলী, দৈনিক শ্ৰমিকৰ সমস্যা নিৱাৰণৰ বাবে 45 লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান অভিনেতাগৰাকীৰ । চিনে এণ্ড টিভি আৰ্টিষ্ট এশ্ব'চিয়েছন লৈ এই সাহাৰ্য প্ৰদান কৰে অভিনেতা অক্ষয় কুমাৰে ।
উল্লেখ্য় যে, ইয়াৰ পূৰ্বেও COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিলৈ 25 কোটি টকাৰ আৰ্থিক সাহাৰ্যৰ এক বৰঙণি আগবঢ়াইছিল অভিনেতাগৰাকীয়ে । ইয়াৰ লগতে মুখ্য়মন্ত্ৰী সাহাৰ্য পূঁজিলৈ, মুম্বাই আৰক্ষীলৈ 2 কোটি, ব্ৰিহানমুম্বাই পৌৰ নিগমলৈ 3 কোটি টকাৰো আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে অক্ষয় কুমাৰে ।
উল্লেখ্য় যে, লক্ ডাউনৰ সময়ত ছলমান খান, একতা কাপুৰ আদি অন্যান্য় বলীউডৰ তাৰকাও কলা-কুশলী সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল ।