ETV Bharat / sitara

কৰ'ণা যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল ঐশ্বৰ্য-আৰাধ্যা

কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ ফলত অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ লগতে ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনো ভৰ্ত্তি হৈ আছিল মুম্বাইৰ নানাৱতী হাস্পতালত ৷ সোমবাৰৰ দিনটোত মাতৃ আৰু জীয়ৰী দুয়োগৰাকী সুস্থ হৈ অব্যাহতি লৈছে হাস্পতালৰ পৰা ৷

Aishwarya and Aaradhya tested negative and  discharged from the hospital
কৰ'ণা যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল ঐশ্বৰ্য -আৰাধ্যা
author img

By

Published : Jul 27, 2020, 6:48 PM IST

চিটাৰা ডেস্ক, 27 জুলাইঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী তথা জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু তেওঁৰ জীয়ৰী আৰাধ্যা বচ্চনে কৰ'ণা ভাইৰাছক প্ৰত্যাহ্বান দি জয়ী হ'ল কৰ'ণাৰ যুদ্ধখনত ৷

  • Thank you all for your continued prayers and good wishes. Indebted forever. 🙏🏽
    Aishwarya and Aaradhya have thankfully tested negative and have been discharged from the hospital. They will now be at home. My father and I remain in hospital under the care of the medical staff.

    — Abhishek Bachchan (@juniorbachchan) July 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সম্পূৰ্ণ 10 টা দিন হাস্পতালত কটোৱাৰ পিছত মাতৃ আৰু কন্যা দুয়োৱে বৰ্তমান অব্যাহতি লাভ কৰিছে হাস্পতালৰ পৰা ৷ এই কথা নিজৰ টুইটাৰ একাউন্ট যোগে প্ৰকাশ কৰিছে অভিনেতা অভিষেক বচ্চনে ৷

তেওঁ টুইট যোগে লিখিছে,"সকলোৱে কৰা অহৰহ প্ৰাৰ্থনাৰ বাবে ধন্যবাদ ৷ ইয়াৰ বাবে আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ ৷ ঐশ্বৰ্য আৰু আৰাধ্যাৰ টেষ্ট নিগেটিভ আহিছে আৰু দুয়োৱে হাস্পতালৰ পৰা অব্যাহতি লাভ কৰিছে ৷ এতিয়া তেওঁলোক ঘৰতে থাকিব ৷ মই আৰু মোৰ দেউতা মেডিকেল ষ্টাফৰ তত্ত্বাৱধানত হাস্পতালতে থাকিম ৷"

লগতে পঢ়কঃ দেউতাকৰ স্মৃতিয়ে আমনি কৰিছে অমিতাভ বচ্চনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.