চিটাৰা ডেস্ক, ৫ মে': হিন্দী ছবি ‘লিগাৰ’ৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশৰ বাবে সাজু তেলেগু হাৰ্টথ্ৰৱ বিজয় দেৱেৰাকোণ্ডা । প্ৰথমতে ছবিখন এটা ভাষাত নিৰ্মাণ কৰা হ'ব আৰু তাৰ পিছত হিন্দীকে ধৰি অন্যান্য ভাষাত ডাবিং কৰা হ'ব । এতিয়াও বিজয়ে তেওঁৰ প্ৰথমখন ছবি লিগাৰৰ শ্বুটিং সম্পূৰ্ণ কৰা নাই ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে, অভিনেতাজনে তেওঁৰ আন এখন বলীউড ছবিত অভিনয়ৰ বাবে সাজু হৈছে । ছবিখনত অনন্যা পাণ্ডে অভিনয় কৰিব বুলি জানিব পৰা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে, অনন্যা পাণ্ডেৰ উপৰিও অভিনেতাজনে বলীউডৰ এগৰাকী শীৰ্ষ আগশাৰীৰ মহিলা অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে আন এখন হিন্দী ছবিত অভিনয় কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে । জানিব পৰা মতে, বিজয়ে তেওঁৰ আহিবলগীয়া ছবিৰ বাবে সম্প্ৰতি বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে অভিনয়ত ব্যস্ত হৈ আছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইয়াৰ বাবে বিজয়ৰ অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে । ইফালে, পুৰী জগন্নাধৰ দ্বাৰা পৰিচালিত আৰু কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত ছবি লিগাৰক এখন সৰ্বভাৰতীয় ছবি হিচাপে গণ্য কৰা হৈছে ।
লগতে পঢ়ক: লাকী আলীৰ মৃত্যু! কি ক’লে নাফিছা আলীয়ে?