নিউজ ডেক্স,১৭ মাৰ্চঃ আচিকী-২ ৰ পৰিচালক মোহিত সুৰীৰ সৈতে পুনৰ সংঘবদ্ধ হৈছে অভিনেতা আদিত্য কাপুৰ । এইবাৰ মোহিত সুৰীৰ চলচ্চিত্ৰ "মলঙ্গ"ত অভিনয় কৰিব আচিকী-২ ৰ অভিনেতা জনে । আৰম্ভ হৈছে শ্বুটিঙৰ কাম-কাজ । পূজা-পাঠেৰে আৰম্ভ কৰা হয় শ্বুটিঙৰ কাম-কাজ ।
অভিনেতা জনে পৰিচালকৰ সৈতে বহি পূজা কৰি থকাৰ দৃশ্য প্ৰকাশ কৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে ।উল্লেখ্য যে, জনপ্ৰিয় ষ্টাৰ কাষ্টেৰে সমৃদ্ধ এই চলচ্চিত্ৰখনত আদিত্য কাপুৰৰ উপৰিও দেখিবলৈ পোৱা যাব অনিল কাপুৰ,দিশা পাটানি আৰু কোনাল খেমুক ।জানিব পৰা মতে ,বহু প্ৰত্যাশিত "মলঙ্গ" নামৰ এই চলচ্চিত্ৰখন থিয়েটাৰলৈ আহিব ২০২০ চনৰ ফেব্ৰুৱাৰীৰ ১৪ তাৰিখে।