চিটাৰা ডেস্ক,১৪ এপ্ৰিল: শেহতীয়াকৈ হ্ৰদৰ চহৰ হিচাপে বিখ্য়াত উদয়পুৰত দেখা গৈছে ইজনৰ পিছত সিজন বলীউডৰ অভিনেতা-অভিনেত্ৰীক । এইবাৰ চহৰখনত উপস্থিত হ'ল বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ ।
প্ৰাপ্ত খবৰ অনুসৰি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবিৰ দৃশ্যগ্ৰহণৰ লগতে উদয়পুৰৰ ঐতিহাসিক হ্ৰদ চাবলৈ উপস্থিত হৈছে । অভিনেত্ৰীগৰাকীক চহৰখনৰ পিচোলা হ্ৰদত নাও চলোৱাও দেখা গৈছে ।
অভিনেত্ৰীগৰাকী অলপতে মালদ্বীপত বন্ধৰ সময় কটাই উদয়পুৰত উপস্থিত হৈছে । একাংশ বন্ধুৰ সৈতে চহৰখনৰ বিখ্যাত হোটেলত আছে অভিনেত্ৰীগৰাকী । জাহ্নৱী কাপুৰৰ 'ধড়ক'ৰ দৃশ্যগ্ৰহণ উদয়পুৰত কৰা হৈছে ।
ইয়াৰ পূৰ্বে অভিনেত্ৰী কংগনা ৰাণাৱটেও যোৱা মাহত উদয়পুৰ ভ্ৰমণ কৰিছিল আৰু বিভিন্ন অনুষ্ঠানত অংশ লৈছিল আৰু শ্ৰীনাথজীৰ দৰ্শন কৰিছিল।
......change thumbnail.....
লগতে পঢ়ক:দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী-অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ