ETV Bharat / sitara

‘এক্সন আইকন’ হোৱাৰ আশা অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ

author img

By

Published : May 30, 2020, 1:24 PM IST

বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ অভিনয় জগতত ভৰি দিয়াৰ পিছৰে পৰা বিভিন্ন ধৰণৰ থ্ৰীলাৰ, এক্সন, ড্ৰামা আৰু কমেডী ছবিত অভিনয় কৰিছে যদিও আগলৈ তেওঁ এগৰাকী এক্সন ষ্টাৰহে হ’ব বিচাৰে বুলি অভিনেত্ৰীগৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰে ৷

‘এক্সন আইকন’ হোৱাৰ সপোন অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ

চিটাৰা ডেস্ক, 30 মে’: বলিউড ক্ষেত্ৰখনত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে 11 টা বছৰ সম্পূৰ্ণ কৰাৰ পিছতে মনৰ অনুভৱ ব্যক্ত কৰে অভিনেত্ৰী জেকলিনে ৷ 2009 চনত বলিউড জগতত ভৰি দিয়া জেকলিনে এই 11 টা বছৰত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছে ৷ কিন্তু আগলৈ তেওঁ এগৰাকী ‘এক্সন আইকন’ হোৱাৰ আশা মনত পুহি ৰাখিছে ৷

বিগত কিছু বছৰৰ পৰা অভিনেত্ৰী জেকলিনে কিক্, মাৰ্ডাৰ-2, Dishoom, জুড়ৱা আৰু ৰেচ-3ৰ নিচিনা এক্সন ছবিত কাম কৰিবলৈ সুযোগ লাভ কৰিছে ৷ বলিউডৰ কেইগৰাকীমান জনপ্ৰিয় ছবি নিৰ্মাতাৰ সৈতে কাম কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে জেকলিনে ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে ‘Mrs Serial Killer’ নামৰ এটা ৱেব চিৰিজ মুকলি কৰে ৷ লগতে, ডিজনী+হটষ্টাৰত অতি শীঘ্ৰেই অনলাইন নৃত্য প্ৰতিযোগিতা ‘Home Dancer’ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: জুলাইলৈকে বৃদ্ধি হ'ব পাৰে লকডাউন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.