এন্টাৰটেইমেন্ট ডেস্ক,10 নৱেম্বৰ: অভিনেত্ৰী কংগনা ৰাণাৱটে ছচিয়েল মেডিয়াত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে 'ঘৃণিত' আৰু 'অপমানজনক' মন্তব্য় কৰা বুলি এই সন্দৰ্ভত দিয়া অভিযোগ সন্দৰ্ভত বান্দ্ৰা আৰক্ষীয়ে জাৰি কৰা চমনৰ পাছতো থানাত উপস্থিত নহ’ল অভিনেত্ৰীগৰাকী । কংগনা আৰু তেওঁৰ ভগ্নী ৰংগোলী চাণ্ডেলক মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দুবাৰকৈ চমন জাৰি কৰিছিল । কিন্তু কংগনাই তেওঁৰ অধিবক্তাৰ জৰিয়তে বান্দ্ৰা আৰক্ষীক ভাতৃৰ বিবাহত ব্যস্ত থকা বাবে ২৪ তাৰিখৰ আগত মুম্বাইত উপস্থিত হ’ব নোৱাৰিব বুলি জানিবলৈ দিয়ে । বৰ্তমানে, কংগনা আৰু ভগ্নী ৰংগোলী হিমাচল প্ৰদেশত আছে ।
উল্লেখ্য যে, কংগনা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে বান্দ্ৰা ন্য়ায়ালয়ত মনুভাৰ আলী শ্বাহিল নামৰ এজন লোকে এক অভিযোগ দাখিল কৰিছিল ৷ মনুভৰ আলী শ্বাহিলে কংগনা আৰু তেওঁৰ ভগ্নী এনে মন্তব্যৰ জৰিয়তে সম্প্ৰদায়টোৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ কৰিছিল । বান্দ্ৰা মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতে অক্টোবৰত আৰক্ষীক বলীউডৰ কাষ্টিং পৰিচালক আৰু ফিটনেছ প্ৰশিক্ষক মুনব্বৰ আলী ছায়েদে দাখিল কৰা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল, য'ত কংগনা আৰু তেওঁৰ ভগ্নীয়ে কৰা টুইট আৰু অন্যান্য বক্তব্যৰ কথা উল্লেখ কৰা হৈছিল ।
বান্দ্ৰা আৰক্ষীয়ে ইয়াৰ পাছতেই ভাৰতীয় দণ্ডবিধি আইনৰ 153-এ (ধৰ্ম, জাতি আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা), 295-এ (ধৰ্মীয় অনুভূতিত ইচ্ছাকৃতভাবে আঘাত হনা) আৰু 124-এ (ৰাষ্ট্ৰদ্ৰোহ), 34 (সচৰাচৰ উদ্দেশ্য) অধীনত কংগনা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।