চিটাৰা ডেস্ক. 8 ছেপ্টেম্বৰ : অৱশেষত মৃত্যুৰে হাৰ মানিলে অভিনেতা অক্ষয় কুমাৰৰ মাতৃয়ে ৷ বুধবাৰে পুৱা মুম্বাইৰ হীৰানন্দানী চিকিৎসালয়ৰ আই চি ইউত ইহলীলা সম্বৰণ কৰে বলিউড অভিনেতাগৰাকীৰ মাতৃয়ে । অক্ষয় কুমাৰে টুইটাৰযোগে এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৷
মাতৃৰ মৃত্যুৰ বাতৰি টুইটযোগে শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখে- "তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল । আজি মই অসহনীয় বেদনাত আছো ৷ মোৰ মা অৰুণা ভাটিয়াই এই পৃথিৱী এৰি গৈছে আৰু এতিয়া তেওঁ দেউতাৰ সৈতে আন এখন পৃথিৱীলৈ গৈছে ৷ আমাৰ পৰিয়ালটো এই বেয়া সময়ৰ সৈতে যুঁজ দি আছে । আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন ৷"
-
She was my core. And today I feel an unbearable pain at the very core of my existence. My maa Smt Aruna Bhatia peacefully left this world today morning and got reunited with my dad in the other world. I respect your prayers as I and my family go through this period. Om Shanti 🙏🏻
— Akshay Kumar (@akshaykumar) September 8, 2021 " class="align-text-top noRightClick twitterSection" data="
">She was my core. And today I feel an unbearable pain at the very core of my existence. My maa Smt Aruna Bhatia peacefully left this world today morning and got reunited with my dad in the other world. I respect your prayers as I and my family go through this period. Om Shanti 🙏🏻
— Akshay Kumar (@akshaykumar) September 8, 2021She was my core. And today I feel an unbearable pain at the very core of my existence. My maa Smt Aruna Bhatia peacefully left this world today morning and got reunited with my dad in the other world. I respect your prayers as I and my family go through this period. Om Shanti 🙏🏻
— Akshay Kumar (@akshaykumar) September 8, 2021
অভিনেতাগৰাকীৰ মাতৃ অৰুণা ভাটিয়াৰ কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি হোৱাত মুম্বাইৰ হীৰানন্দানী চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । অক্ষয় কুমাৰে মঙলবাৰে অসুস্থ মাতৃৰ আৰোগ্য প্ৰাৰ্থনা কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷
-
Touched beyond words at your concern for my mom’s health. This is a very tough hour for me and my family. Every single prayer of yours would greatly help. 🙏🏻
— Akshay Kumar (@akshaykumar) September 7, 2021 " class="align-text-top noRightClick twitterSection" data="
">Touched beyond words at your concern for my mom’s health. This is a very tough hour for me and my family. Every single prayer of yours would greatly help. 🙏🏻
— Akshay Kumar (@akshaykumar) September 7, 2021Touched beyond words at your concern for my mom’s health. This is a very tough hour for me and my family. Every single prayer of yours would greatly help. 🙏🏻
— Akshay Kumar (@akshaykumar) September 7, 2021
কিন্তু হঠাৎ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বলীউডৰ অভিনেতাগৰাকীয়ে তেওঁক চাবলৈ তৎকালীনভাবে ব্ৰিটেইনৰ পৰা ভাৰতলৈ উভতি আহে ৷ ইয়াৰ পাছতেই আজি পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে বলিউড অভিনেতা অক্ষয় কুমাৰৰ (Akshay Kumar) মাতৃ অৰুণা ভাটিয়া ।
লগতে পঢ়ক : ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...