চিটাৰা ডেস্ক , 9 ছেপ্তেম্বৰ : জন্মদিনৰ শুভক্ষণত প্ৰয়াত মাতৃৰ অনুপস্থিতি অনুভৱ কৰি আবেগিক হৈ পৰিছে অভিনেতা অক্ষয় কুমাৰ(Akshay Kumar) ৷ আজি 54 বছৰত ভৰি দিলে খিলাড়ী অক্ষয়ে ৷ ওপজা দিনৰ ঠিক এদিন পূৰ্বেই মাতৃ অৰুণা ভাটিয়াক হেৰুৱাইছে অভিনেতাগৰাকীয়ে ৷ ছ’চিয়েল মিডিয়াযোগে মাকৰ অনুপস্থিতি অনুভৱ কৰি অনুৰাগীসকলৰ সৈতে দুখ ব্যক্ত কৰে অক্ষয় কুমাৰে ৷
তেওঁ লিখিছে, ‘‘আজি মোৰ মা জীয়াই থাকিলে নিশ্চয়কৈ মোক Happy Birthdayৰে শুভেচ্ছা জনালেহেঁতেন ৷ মাৰ মৃত্যুৰ বাবে কৰা সমবেদনা আৰু মোক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে আপোনালোক প্ৰত্যেককে ধন্যবাদ । জীৱন চলি থাকিব’’ ৷ মাতৃৰ সৈতে তোলা এখন পুৰণি ফটো শ্বেয়াৰ কৰি এনেদৰে দুখ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷
-
Would have never liked it this way but am sure mom is singing Happy Birthday to me from right up there! Thanks to each one of you for your condolences and wishes alike. Life goes on. pic.twitter.com/PdCGtRxrvq
— Akshay Kumar (@akshaykumar) September 9, 2021 " class="align-text-top noRightClick twitterSection" data="
">Would have never liked it this way but am sure mom is singing Happy Birthday to me from right up there! Thanks to each one of you for your condolences and wishes alike. Life goes on. pic.twitter.com/PdCGtRxrvq
— Akshay Kumar (@akshaykumar) September 9, 2021Would have never liked it this way but am sure mom is singing Happy Birthday to me from right up there! Thanks to each one of you for your condolences and wishes alike. Life goes on. pic.twitter.com/PdCGtRxrvq
— Akshay Kumar (@akshaykumar) September 9, 2021
উল্লেখ্য যে, অক্ষয় কুমাৰৰ মাতৃক মুম্বাইৰ হীৰানন্দানী চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল যদিও আইচিইউতে ইহলীলা সম্বৰণ কৰে বলিউড অভিনেতাগৰাকীৰ মাতৃয়ে ।
শেহতীয়াকৈ অক্ষয় কুমাৰক বলীউডৰ থ্ৰীলাৰ ছবি ‘বেল বট্টম’(Bell Bottom)ত দেখিবলৈ পোৱা গৈছিল ৷ অক্ষয়ৰ সৈতে লাৰা দত্ত(Lara Dutta), হুমা কুৰেছী(Huma Qureshi) আৰু বাণী কাপুৰে(Vaani Kapoor) ছবিখনত অভিনয় কৰিছে ৷ ছ’চিয়েল মিডিয়াযোগে অলেখ গুণমুগ্ধই জন্মদিনৰ শুভেচ্ছা জনাইছে বলীউডৰ ‘খিলাড়ী’ খ্যাত অভিনেতা অক্ষয় কুমাৰক ৷
ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও অভিনেতাগৰাকীলৈ থাকিল জন্মদিনৰ হিয়াভৰা শুভেচ্ছা ৷
লগতে পঢ়ক: অভিনেতা অক্ষয় কুমাৰৰ মাতৃ আৰু নাই