চিটাৰা ডেস্ক, ২৪ ফেব্ৰুৱাৰী: মুম্বাইত অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ পৰিয়ালৰ এক বিবাহৰ অনুষ্ঠানত 'দেছী গাৰ্ল' শীৰ্ষক গীতৰ তালে তালে নৃত্য কৰিলে বিগ বিৰ নাতিনী আৰাধ্যা বচ্চনে । আৰাধ্যাক সহযোগ কৰিলে পিতৃ অভিষেক বচ্চন আৰু মাতৃ ঐশ্বৰ্য ৰায়ে । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'ই আপ্লুত কৰিছে অনুৰাগীক । শেহতীয়াকৈ বচ্চন পৰিয়াল আৰু ঐশ্বৰ্যৰ মাতৃ বৃন্দা ৰায়ে পৰিয়ালৰ এক বিবাহ অনুষ্ঠানত অংশ লয় ।
- " class="align-text-top noRightClick twitterSection" data="
">
কইনা শ্লোকা ছেট্টী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সম্পৰ্কীয় ভণ্টী । বিয়াত অভিনেত্ৰীগৰাকী পৰিয়াল আৰু নৱ বিবাহিত দম্পতীৰ লগত তোলা ফটোৱে এতিয়া চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত । ফটোৰ উপৰিও এটা ভিডিঅ'ই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে । ভিডিঅ'টোত আৰাধ্যা বচ্চনে নৃত্য প্ৰদৰ্শন কৰি থকা দেখা গৈছে । ৯ বছৰীয়া আৰাধ্যাই প্ৰিয়ংকা চৌপ্ৰা অভিনীত 'দোস্তানা' ছবিৰ 'দেছী গাৰ্ল' শীৰ্ষক গীতত নৃত্য কৰে । আৰাধ্যাক সংগ দিয়ে পিতৃ অভিষেক বচ্চন আৰু মাতৃ ঐশ্বৰ্য ৰায়ে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, অভিষেক বচ্চনত এইবাৰ দছৱী, বব বিশ্বাস আৰু দ্য বিগ বুল ছবিত দেখা পোৱা যাব । আনহাতে, ঐশ্বৰ্যই মণিৰত্নমৰ আগন্তুক ছবিত অভিনয় কৰিব আৰু এমাহৰ ভিতৰতে অভিনেত্ৰীগৰাকীয়ে হাইদৰাবাদত দৃশ্যগ্ৰহণ আৰম্ভ কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="
">