ETV Bharat / science-and-technology

WhatsApp feature: এতিয়াৰে পৰা স্ক্ৰীণ শ্বট ল'ব নোৱাৰিব WhatsAppত - এতিয়াৰে পৰা স্ক্ৰীণ শ্বট লব নোৱাৰিব WhatsAppত

WhatsApp য়ে নিজৰ ব্যৱহাৰকাৰী সকলৰ বাবে লৈ আহিছে Screenshot Blocking ফিচাৰ। ব্যৱহাৰকাৰীৰ গোপনীয়তা মনত ৰাখি এই বৈশিষ্ট্য প্ৰৱৰ্তন কৰা হৈছে । এই বৈশিষ্ট্যটো বহুদিন ধৰি চৰ্চা হৈছিল ।

WhatsApp to roll out feature blocking users from taking screenshots of photos videos sent as View Once
আচৰিত! এতিয়াৰে পৰা স্ক্ৰীণ শ্বট ল'ব নোৱাৰিব WhatsAppত
author img

By

Published : Oct 10, 2022, 8:23 PM IST

নিউজ ডেস্ক, 10 অক্টোবৰ: WhatsApp য়ে নিজৰ ব্যৱহাৰকাৰী সকলৰ বাবে লৈ আহিছে Screenshot Blocking ফিচাৰ। ব্যৱহাৰকাৰীৰ গোপনীয়তা মনত ৰাখি এই বৈশিষ্ট্য প্ৰৱৰ্তন কৰা হৈছে । এই বৈশিষ্ট্যটো বহুদিন ধৰি চৰ্চা হৈছিল । কোম্পানীয়ে বহুদিন ধৰি ইয়াক পৰীক্ষা কৰি আছিল আৰু এতিয়া এই বৈশিষ্ট্যটো ৰোল আউট কৰিবলৈ আৰম্ভ কৰা হৈছে। বৰ্তমান এই বৈশিষ্ট্য কিছুমান বিটা পৰীক্ষকৰ বাবে উপলব্ধ।স্ক্ৰীণ ব্লক কৰা বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে View Once হিচাপে প্ৰেৰণ কৰা ভিডিঅ' আৰু ফটোৰ স্ক্ৰীণশ্বট ল'ব নোৱাৰিব(WhatsApp New feature) ।

WABetainfoৰ ৰিপৰ্ট অনুসৰি, ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্মত একাংশ বিটা টেষ্টাৰৰ বাবে স্ক্ৰীণশ্বট ব্লক কৰা ফিচাৰ ৰোল আউট আৰম্ভ কৰা হৈছে ।খবৰ অনুসৰি WhatsApp এ View Once Photos and Videos ৰ নতুন সংস্কৰণ মুকলি কৰিবলৈ ওলাইছে (WhatsApp block take screenshot) ।

ইয়াৰ উদ্দেশ্য হৈছে ব্যৱহাৰকাৰীয়ে স্ক্ৰীণশ্বট আৰু স্ক্ৰীণ ৰেকৰ্ডিং লোৱাত বাধা দি ব্যৱহাৰকাৰীৰ গোপনীয়তা উন্নত কৰা। বৰ্তমান এই বৈশিষ্ট্য কেৱল কিছুমান বিটা ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ । ইয়াৰ বাবে ব্যৱহাৰকাৰীসকলে গুগল প্লে ষ্ট’ৰৰ পৰা হোৱাটছএপৰ শেহতীয়া বিটা সংস্কৰণটো ডাউনলোড কৰিব লাগিব (WhatsApp block screenshot )।

স্ক্ৰীণশ্বট ব্লক কৰা বৈশিষ্ট্যই কেনেকৈ কাম কৰিব ?

যদি কোনো ব্যৱহাৰকাৰীয়ে এটা ফটো বা ভিডিঅ’ View Once হিচাপে পঠায়, তেন্তে স্ক্ৰীণশ্বট লোৱা ব্যৱহাৰকাৰীয়ে এটা ভুল দেখিব, য’ত সুৰক্ষা নীতিৰ বাবে স্ক্ৰীণশ্বট ল’ব নোৱাৰিব বুলি লিখা হ’ব । কেৱল এয়াই নহয়, যদি কোনো ব্যৱহাৰকাৰীয়ে তৃতীয় পক্ষৰ এপৰ পৰা স্ক্ৰীণশ্বট ল’বলৈ চেষ্টা কৰে, তেন্তে তেওঁ স্ক্ৰীণ ক’লা দেখিব ।

ফটো আৰু ভিডিঅ'ৰ বাবে বৈশিষ্ট্য

যদি কোনোবাই আপোনাৰ বাৰ্তাৰ স্ক্ৰীণশ্বট লয়, তেন্তে ই আপোনাক কেতিয়াও জাননী প্ৰেৰণ নকৰে । কিন্তু স্ক্ৰীণশ্বটটো পোনপটীয়াকৈ গোপনীয়তাৰ অধীনত ব্লক কৰা হ’ব । নতুন ফিচাৰটো কেৱল ফটো আৰু ভিডিঅ’ৰ বাবেহে । গতিকে ব্যৱহাৰকাৰীয়ে কথোপকথনৰ স্ক্ৰীণশ্বট ল’ব পাৰে । ইয়াৰ বাহিৰেও ব্যৱহাৰকাৰীয়ে সচৰাচৰৰ দৰে ফটো আৰু ভিডিঅ’ ফৰৱাৰ্ড, চেভ বা এক্সপ’ৰ্ট কৰিব নোৱাৰে ।

লগতে পঢ়ক: Twitter Feature: এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে এটা পোষ্টতে আপলোড কৰিব পাৰিব মাল্টিমিডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.