নিউজ ডেস্ক, 16 আগষ্ট: সোমবাৰে সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰিলে 76 সংখ্যক স্বাধীনতা দিৱস ৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ভাষণৰ জৰিয়তে কৰিলে এক বিশেষ ঘোষণা ৷ তেওঁ কয়, "5G প্ৰযুক্তিৰ বাবে দেশবাসীৰ অপেক্ষাৰ অন্ত পৰিল, ডিজিটেল ইণ্ডিয়াৰ সুফল শীঘ্ৰেই প্ৰতিখন গাঁৱলৈ যাব(The wait for 5G is over said PM Modi) ।"
৭৫ সংখ্যক স্বাধীনতা দিৱসত(75th Independence Day) লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি মোদীয়ে কয় যে ছেমিকণ্ডাক্টৰ আৰু মোবাইল ফোন নিৰ্মাণৰ ক্ষেত্ৰতো 5Gক গুৰুত্ব দিয়া হৈছে ।
লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি মোদীয়ে(Prime Minister Narendra Modi in Delhi) কয় যে আমি ‘ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ বিপ্লৱ আনিছো আৰু অতি শীঘ্ৰেই আমি 5G যুগৰ সূচনা কৰাৰ লগে লগে প্ৰতিখন গাঁৱক ডিজিটেলভাৱে সংযোগ কৰা হ'ব ।
ইফালে, ২৯ ছেপ্টেম্বৰত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ (IMC) সময়ত প্ৰধানমন্ত্ৰীয়ে 5G নেটৱৰ্ক আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা ব্যক্ত কৰে । তেওঁ কয় যে, "ডিজিটেল পেমেণ্টৰ পৰা মোবাইল আৰু অৰ্ধপৰিবাহী নিৰ্মাণলৈকে আমি এটা যুগত ঘটা পৰিৱৰ্তনৰ সময়ত আছো । ডিজিটেল যুগে আমাৰ ৰাজনীতি, অৰ্থনীতি আৰু সমাজক পুনৰ সলনি কৰিছে ।'
মোদীয়ে কয় যে, ভাৰত এখন আকাংক্ষিত সমাজ য'ত পৰিৱৰ্তনক সামূহিক মনোভাৱেৰে শক্তিশালী কৰি তুলিছে । সফল ৫জি স্পেকট্ৰম নিলামৰ পিছত দেশত প্ৰায় এমাহৰ ভিতৰত বহু প্ৰত্যাশিত হাই স্পীড ৫জি মোবাইল সেৱাৰ ৰোল আউট হোৱাৰ সম্ভাৱনা আছে বুলি মোডীয়ে নিজৰ ভাষণৰ জৰিয়তে ব্যক্ত কৰে ।
লগতে পঢ়ক : SpaceX Starship, আগষ্ট মাহতো উৎক্ষেপণ কৰা নহব SpaceXৰ প্ৰথমখন যান