নিউজ ডেস্ক, 1 মাৰ্চ: চীনৰ স্মাৰ্টফোন কোম্পানী Vivo এ ভাৰতৰ বজাৰত মুকলি কৰিছে ভিভ’ ভি২৭ প্ৰ’ আৰু ভিভ’ ভি২৭ স্মাৰ্টফোন । শেহতীয়া Vivo V27 ছিৰিজে এণ্ড্ৰইড ১৩ ভিত্তিক ফানটাচ অ’ এছ ১৩ আৰু মিডিয়াটেকৰ শীৰ্ষ চিপছেটৰ সমৰ্থন লাভ কৰিব । এইবোৰে 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 3D কাৰ্ভড স্ক্ৰীণ আৰু ৰং সলনি কৰা গ্লাছ পেনেলও পাব । বিশেষ কথাটো হ’ল দুয়োটা ফোনতে ৫০এমপিৰ ফ্ৰন্ট কেমেৰা পোৱা যাব । ভিভ’ৰ নতুন ছিৰিজৰ স্মাৰ্টফোনৰ মূল্য আৰু অন্যান্য বৈশিষ্ট্যসমূহ তলত চাব পাৰিব(Vivo Smartphones)।
ইয়াৰ পূৰ্বে ভিভ’ই যোৱা বছৰ চীনৰ স্মাৰ্টফোনৰ বজাৰত Vivo V27 ছিৰিজ মুকলি কৰিছিল । Vivo V27 Pro ৰ আৰম্ভণি মূল্য ৩৭,৯৯৯ টকা, আনহাতে Vivo V27 ৰ দাম হ’ব ৩২,৯৯৯ টকা (আৰম্ভণি মূল্য)। এই দুয়োটা ফোনৰ স্পেচিফিকেশন ইয়াত চাওক(Vivo Mobile In India )।
Vivo V27 Pro: বৈশিষ্ট্য আৰু মূল্য
ডিছপ্লে: ব্যৱহাৰকাৰীয়ে ইয়াত ৬.৭৮ ইঞ্চি Full HD + (১,০৮০×২,৪০০ পিক্সেল) AMOLED ডিছপ্লে পাব । স্ক্ৰলিঙৰ বাবে 120Hz ৰ ৰিফ্ৰেছ ৰেট দিয়া হৈছে(Vivo new Smartphones)।
চিপছেট: ভিভ’ই প্ৰ’ সংস্কৰণত ৪এনএম মিডিয়াটেক ডাইমেনচিটি ৮২০০ চিপছেট সমৰ্থন কৰিছে। এই ফোনটো এণ্ড্ৰইড ১৩ৰ ওপৰত ভিত্তি কৰি FunTouch OS ত চলিব।
কেমেৰা: ফটোগ্ৰাফীৰ বাবে 50MP Sony IMX766V মূল কেমেৰা দিয়া হৈছে। ব্যৱহাৰকাৰীয়ে ইয়াত 50MP+8MP+2MP ট্ৰিপল ৰিয়াৰ কেমেৰা আৰু 50MP ফ্ৰন্ট কেমেৰা পাব ।
বেটাৰী: শক্তিৰ বাবে ইয়াত 4,600mAh বেটাৰী সমৰ্থিত কৰা হৈছে। 66W ফাষ্ট চাৰ্জিঙৰ সহায়ত এই ফোনটো মাত্ৰ ১৯ মিনিটতে ৫০ শতাংশ চাৰ্জ কৰিব পাৰিব ।
ষ্ট’ৰেজ আৰু মূল্য: ৮জিবিৰেম + ১২৮জিবি - ৩৭,৯৯৯ টকা, ৮জিবিৰেম + ২৫৬জিবি - ৩৯,৯৯৯ টকা আৰু ১২জিবি ৰেম + ২৫৬জিবি - ৪২,৯৯৯ টকা
Vivo V27: বৈশিষ্ট্য আৰু মূল্য
ডিছপ্লে: ভিভ’ ব্ৰেণ্ডৰ এই শেহতীয়া ফোনটোত আছে ৬.৭৮ ইঞ্চিৰ ফুল-এইচডি প্লাছ (১০৮০×২৪০০ পিক্সেল) এমোলেড ডিছপ্লে ১২০ হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে।
চিপছেট: গতি আৰু মাল্টিটাস্কিঙৰ বাবে ভিভ’ ভি২৭ত মিডিয়াটেক ডাইমেনচন ৭২০০ ৫জি প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে।
কেমেৰা: ফোনটোৰ বেক পেনেলত 50MP চ’নী IMX766V প্ৰাইমেৰী চেন্সৰৰ লগতে 8MP আল্ট্ৰা-ৱাইড এংগল কেমেৰা চেন্সৰ আৰু 2MP মেক্ৰ’ কেমেৰা চেন্সৰ দিয়া হৈছে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ফোনটোৰ সন্মুখত ৫০এমপি কেমেৰা চেন্সৰ আছে।
বেটাৰী: ফোনটোক শক্তি প্ৰদান কৰিবলৈ ৪৬০০ mAh বেটাৰী দিয়া হৈছে, যিয়ে ৬৬W ফাষ্ট চাৰ্জ সমৰ্থন কৰে । মাত্ৰ ১৯ মিনিটতে ৫০ শতাংশ পৰ্যন্ত চাৰ্জ হয় এই ফোনটো ।
ষ্ট’ৰেজ আৰু মূল্য: 8GBRAM + 128GB মডেলৰ মূল্য ৩২,৯৯৯ টকা। একে সময়তে ১২জিবি ৰেম + ২৫৬জিবি ষ্ট’ৰেজ ভেৰিয়েন্ট ক্ৰয় কৰিবলৈ ৩৬,৯৯৯ টকা খৰচ কৰিব লাগিব ।
বুকিং আৰু ৰেহাই
আজিৰ পৰা (১ মাৰ্চ) Vivo V27 Pro ৰ প্ৰি-বুকিং আৰম্ভ হ’ব আৰু ৬ মাৰ্চৰ পৰা বিক্ৰী আৰম্ভ হ’ব । একে সময়তে ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব Vivo V27 ৰ বিক্ৰী । এইচডিএফচি, আইচিআইচিআই আৰু কোটাক মহিন্দ্ৰা বেংকৰ বেংক কাৰ্ড ব্যৱহাৰ কৰি নতুন হেণ্ডছেট ক্ৰয় কৰিলে ব্যৱহাৰকাৰীয়ে ৩ হাজাৰ টকাৰ ৰেহাই লাভ কৰিব পাৰিব ।