নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰী: পৃথিৱীত সাধাৰণতে দুই প্ৰকাৰৰ বস্তু উপলব্ধ ৷ ইয়াৰে এবিধে চলাফুৰা কৰাৰ লগতে জীৱন্ত বস্তু হিচাপে প্ৰজনন কৰিব পাৰে আৰু ইয়াৰ বৃদ্ধিও হয় ৷ জন্তু, মানুহ আৰু গছ গছনিবোৰ এই প্ৰথমটো ভাগত পৰে ৷ আকৌ, এই পৃথিৱীতে থকা অন্যবিধৰ কোনো ধৰণৰ বৃদ্ধি নহয় লগতে ই চলাফুৰাও কৰিব নোৱাৰে ৷ সাধাৰণতে ইয়াক নিৰ্জীৱ বস্তু বুলি কোৱা হয় ৷ মেচিন, সা-সঁজুলি আৰু বিভিন্ন আঁচবাব সমূহক নিৰ্জীৱ বস্তুৰ শাৰীত ধৰা হয় ৷
মুঠৰ ওপৰত ক'বলৈ গলে জীৱ আৰু নিৰ্জীৱ এই দুটা ভাগত যিকোনো বস্তুৰেই অস্তিত্ব থাকে ৷ আশ্চৰ্যকৰ কথাটো হ'ল এইয়ে যে, ইয়াৰ মাজতে এবিধে জীৱ আৰু নিৰ্জীৱ দুই ধৰণেই আচৰণ কৰিব পাৰে ৷ জীৱ আৰু নিৰ্জীৱ দুই ধৰণেই আচৰণ কৰিব পৰা এইবিধনো কি বস্তু তাৰ বিষয়ে আপুনি কেতিয়াবা ভাবি চাইছেনে ৷ এইবিলাক আচলতে অন্য একো নহয় বৰঞ্চ একো একোবিধ ভাইৰাছ ৷ যাৰ বিষয়ে আমি সকলোৱেই অৱগত আৰু যাক আমি সকলোৱে অণুজীৱ বা জীৱাণু হিচাপে চিনি পাঁও ৷
এই ভাইৰাছবোৰেনো কি কৰে আৰু কেনেকৈ ইঁহতৰ বিকাশ হয় সেই সন্দৰ্ভত মাইক্ৰবায়'লজী বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ সম্পন্ন কৰা ভিচালক্ষী আৰিজেলাই বিশদভাৱে বৰ্ণনা কৰিছে ৷ যুগ যুগ ধৰি এই ভাইৰাছসমূহে বিশ্বত বিভিন্ন ৰোগৰ সৃষ্টি কৰি আহিছে ৷ সাধাৰণতে ভাইৰাছবোৰ হৈছে অতি সূক্ষ্ম তথা ৰোগ সৃষ্টিকাৰী কাৰক ৷ জীৱিত সকলো বস্তুতকৈ ভাইৰাছবোৰ অতি সূক্ষ্ম ৷
এই ভাইৰাছ সন্দৰ্ভত বাখ্যা আগবঢ়াই ভিচালক্ষী আৰিজেলাই জানিবলৈ দিয়ে যে, এই ভাইৰাছসমূহ ইমানেই ক্ষুদ্ৰ যে শৈবাল, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জৱা আদি অণুজীৱ সমূহ চাবৰ বাবে আমি যি সাধাৰণ অণুবীক্ষণ যন্ত্ৰ প্ৰয়োগ কৰো সেই অণুবীক্ষণ যন্ত্ৰেৰে ভাইৰাছ সমূহক প্ৰত্যক্ষ কৰিব নোৱাৰি ৷ এই ভাইৰাছ সমূহক ইলেক্ট্ৰণ মাইক্ৰ'স্কোপ নামৰ এবিধ বিশেষ অণুবীক্ষণ যন্ত্ৰেৰে প্ৰত্যক্ষ কৰিব পাৰি ৷
ভাইৰাছসমূহৰ কিছু নিৰ্দিষ্ট বৈশিষ্ট আছে , আৰু এই বৈশিষ্ট সমূহে শৈবাল, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জৱা আদি অন্যন্য অণুজীৱ সমূহৰ পৰা ভাইৰাছক পৃথক কৰি তোলে ৷ ভিচালক্ষীয়ে বাখ্যা কৰিছে যে, এই অণুজীৱ বা জীৱাণু সমূহৰ নিজে বৃদ্ধি হ'ব পৰাৰ ক্ষমতা আছে ৷ নিজে নিজে বৃদ্ধি হোৱাৰ উপৰিও বিভিন্ন উৎস যেনে মাটি, পানী, বায়ু আৰু বিভিন্ন জৈৱিক আৱৰ্জনাৰ পৰা এই অণুজীৱ সমূহে পুষ্টি আহৰণ কৰিব পাৰে ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে জন্তু, গছ গছনি, মানুহ আৰু অন্যান্য জীৱাণুৰ ভিতৰতহে ভাইৰাছবোৰৰ বৃদ্ধি হয় ৷
এতিয়া প্ৰশ্ন হয় যে, মাটি, পানী, বায়ু আৰু অন্যান্য জৈৱিক আৱৰ্জনা সমূহ উপলব্ধ হোৱাৰ পাছতো কিহৰ বাবে ভাইৰাছসমূহে নিজে নিজে বৃদ্ধি হ'ব নোৱাৰে ৷ এই উত্তৰ তেনেই সহজ ৷ যিহেতু ভাইৰাছ সমূহৰ কোনো আভ্যন্তৰীণ যন্ত্ৰ নাই, সেয়ে সিঁহতে বিকাশত সহায় কৰিব নোৱাৰে ৷ যাৰ বাবে বিকাশৰ কাৰণে এই ভাইৰাছ সমূহক অন্য জীৱন্ত কোষৰ সহায়ৰ প্ৰয়োজন হয় ৷ এইয়া এক অদ্ভূত বৈশিষ্ট নেকি ?
হয়, জীয়াই থাকিবৰ বাবে ভাইৰাছসমূহে প্ৰথমে হ'ষ্ট কোষ(Host Cell) ত প্ৰৱেশ কৰিব লাগিব ৷ ইয়াৰ পাছত হ'ষ্ট কোষৰ ভিতৰত ভাইৰাছ সমূহৰ এটা এটাকৈ বৃদ্ধি হয় ৷ এই পৰ্যায়ত ভাইৰাছসমূহে ৰোগৰ লক্ষণসমূহ সৃষ্টি কৰে আৰু সংক্ৰমিত কোষত ৰোগৰ সৃষ্টি কৰে ৷
এইখিনিতে অন্য এটা প্ৰশ্নৰ উদ্ৰেক হয় যে, ভাইৰাছে সৃষ্টি কৰা আটাইবোৰ লক্ষণেই বিপদজনক নেকি ? মানৱ জাতিৰ শৰীৰত প্ৰায়েই দেখা দিয়া কিছু ৰোগৰ উদাহৰণ দি ভিচালক্ষীয়ে এই সন্দৰ্ভত তেঁওৰ বাখ্যা আগবঢ়াইছে ৷
সাধাৰণতেই আমি সকলোৱে আক্ৰান্ত হোৱা জ্বৰ ভাইৰাছৰ ফলতেই হয় কিন্তু জ্বৰৰ লক্ষণসমূহ ইমান বেছি বিপদজনক নহয় ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে পলিঅ', এইডছ আদি ৰোগৰ লক্ষণ সমূহ অধিক বিপদজনক ৷ যিয়ে হ'ষ্ট কোষ সমূহত বিপদজনক প্ৰভাৱ পেলায় ৷ কিছু ক্ষেত্ৰত এই সমূহ লক্ষণ মাৰাত্মকো হৈ পৰা পৰিলক্ষিত হয় ৷
আমাৰ মনলৈ যেতিয়া ভাইৰাছৰ কথা আহে , তেতিয়া আমি কেৱল ৰোগৰ কথা চিন্তা কৰো ৷ ইয়াৰ লগতে ভয়ো সাঙুৰ খাই থাকে, যিয়ে আমাক সময়ত আতংকিত কৰি তোলে ৷ এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল এইয়ে যে এই ভাইৰাছ সমূহক আমি প্ৰতিৰোধ কৰিব পাৰো নে নোৱাৰো ৷
ভাইৰাছ সমূহক প্ৰতিৰোধ কৰিব পৰা যায় ৷ পলিঅ' ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ ৷ প্ৰতিষেধকৰ ফলতেই বৰ্তমান লাহে লাহে পলিঅ' ৰোগ নিৰ্মূল হৈ অহা পৰিলক্ষিত হৈছে ৷ এই কথাই প্ৰতিষেধক নিৰ্মাণৰ ক্ষেত্ৰত ভাইৰাছৰ সহায়ক প্ৰকৃতিক নিৰ্ধাৰণ কৰে ৷ প্ৰতিষেধক সমূহ উপলব্ধ হোৱাৰ ফলত কেৱল পলিঅ' নহয় বৰঞ্চ বৰআই, সৰুআই আদিৰ দৰে ৰোগো লাহে লাহে হ্ৰাস পাই আহিছে ৷
যিহেতু ভাইৰাছসৃষ্ট বহুকেইটা ৰোগ প্ৰতিষেধকৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা যায়, তথাপি এনে বহু ৰোগ আছে যাৰ বাবে এতিয়াও কোনো প্ৰতিষেধক উপলব্ধ হোৱা নাই ৷ এনেক্ষেত্ৰত ভাইৰেল সংক্ৰমণ ৰোধ কৰাৰ বাবেনো আমি কি পদক্ষেপ ল'ব পাৰো ?
ভাইৰাছ সমূহৰনো কেনেকৈ সংক্ৰমণ হয় সেই কথা ভালদৰে বুজি প্ৰতিৰোধমূলক ব্যৱস্থা হাতত ল'ব পৰা যায় ৷ ভাইৰাছসমূহ সাধাৰণতে বায়ু, পানী আৰু পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে ভাইৰাছৰ সংক্ৰমণ হয় ৷ ইয়াৰ উপৰিও ভেক্টৰ (মধ্যস্থতাকাৰী যিয়ে সিঁহতৰ মাজত ভাইৰাছ কঢ়িয়াই লৈ ফুৰে) ৰ জৰিয়তেও ভাইৰাছৰ সংক্ৰমণ হয় ৷ সংক্ৰমণৰ বিভিন্ন মাধ্যম সমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি তলত উল্লেখ কৰা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰো :-
- সামাজিক ব্যৱধান মানি চলা
- পৰিস্কাৰ পানী গ্ৰহণ কৰা
- ব্যক্তিগত স্বচ্ছতা বজাই ৰখা
- ডেংগী আৰু চিকুনগুনিয়া আদি ৰোগৰ ক্ষেত্ৰত ভেক্টৰ সমূহক নিয়ন্ত্ৰণ কৰা আৰু মহক নিয়ন্ত্ৰণ (মহে ভেক্টৰৰ কাম কৰে) কৰা আদি পদক্ষেপ সহায়কাৰী বুলি বিবেচনা কৰিব পৰা যায় ৷
লগতে পঢ়ক:সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰাত আগ্ৰহী অষ্ট্ৰেলিয়াবাসী