ETV Bharat / science-and-technology

Tom Cruise Movie: মহাকাশত চিনেমাৰ শ্বুটিং কৰা প্ৰথমজন অভিনেতা হ’ব টম ক্ৰুজ

author img

By

Published : Oct 13, 2022, 7:20 PM IST

Updated : Oct 13, 2022, 8:58 PM IST

চলচ্চিত্ৰৰ ইতিহাসত প্ৰথম- মহাকাশত শ্বুটিং কৰিব টম ক্ৰুজে । হলীউডৰ এইগৰাকী বিশ্বপ্ৰসিদ্ধ তথা অতিকে জনপ্ৰিয় অভিনেতাই এই ইতিহাস ৰচিবলৈ গৈ আছে । ষ্টাণ্ট কৰি ভাল পোৱা টম ক্ৰুজে এইবাৰ মহাকাশলৈ উৰা মাৰিব । পৃথিৱীৰ বুকুৰ পৰা হাজাৰ যোজন দূৰত গৈ চিনেমাৰ শ্বুটিং কৰিব ।

tom cruise set to become first actor to shoot movie in outer space
মহাকাশত চিনেমাৰ শ্বুটিং কৰা প্ৰথমজন অভিনেতা হ’ব টম ক্ৰুজ

নিউজ ডেস্ক, 13 অক্টোবৰ: চলচ্চিত্ৰৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে মহাকাশত শ্বুটিং কৰিব টম ক্ৰুজে(Tom Cruise) । হলীউডৰ এইগৰাকী বিশ্বপ্ৰসিদ্ধ তথা অতিকে জনপ্ৰিয় অভিনেতাই এই ইতিহাস ৰচিবলৈ গৈ আছে(Tom Cruise shoot movie in outer space)। ষ্টাণ্ট কৰি ভাল পোৱা টম ক্ৰুজ এইবাৰ মহাকাশলৈ উৰা মাৰিব । পৃথিৱীৰ বুকুৰ পৰা হাজাৰ যোজন দূৰত গৈ চিনেমাৰ শ্বুটিং কৰিব । ইয়াৰ উদ্দেশ্যে এখন নতুন চলচ্চিত্ৰৰ বাবে ৰকেটত মহাকাশলৈ গৈ আছে হলিউডৰ অভিনেতাগৰাকী । তাতেই হ’ব ছবিৰ শ্বুটিং ।

পৰিচালক ডৌ লিমানে কয় যে, পৰিকল্পনাটো ইতিমধ্যে চূড়ান্ত হৈ আছিল । চলচ্চিত্ৰখন ষ্টুডিঅ’ত নহয়, মহাকাশতেই নিৰ্মাণ কৰা হ’ব । মহাকাশ কেন্দ্ৰটোৱে (Space Station) তাত এক ডাঙৰ ভূমিকা পালন কৰিব । ছবিখনৰ পৰিচালক গৰাকীয়ে জনোৱা অনুসৰি এই ছবিখনৰ শ্বুটিং বহু পূৰ্বেই হোৱা কথা আছিল । পাছে কৰ’ণা মহামাৰীৰ বাবে ই ২ টা বছৰ পিছুৱাই দিব লগা হয় ।

জানিব পৰা মতে, ইতিমধ্যে অভিনেতা আৰু পৰিচালকে ইউনিভাৰ্চেল ফিল্মড এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ (UFEG) ক্ষেত্ৰ পৰিদৰ্শন কৰি আহিছে ।উল্লেখ্য যে, টম ক্ৰুজেই প্ৰথম অভিনেতা যিয়ে মহাকাশত ভৰি থোৱাৰ লগতে মহাকাশত অভিনয়ো কৰিব ।

লগতে পঢ়ক: ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

Last Updated : Oct 13, 2022, 8:58 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.