ETV Bharat / science-and-technology

NOKIA ই ত্যাগ কৰিলে ৰাছিয়াৰ বজাৰ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণৰ পিছত টেলিকম কোম্পেনী নকিয়াই ত্যাগ কৰিছে ৰাছিয়া ৷ দেশখনত ইতিমধ্যে নকিয়াই তেওঁলোকে বিতৰণ স্থগিত ৰাখিছে, নতুন ব্যৱসায় বন্ধ কৰিছে (Nokia stops operation in Russia) ৷

author img

By

Published : Apr 12, 2022, 7:44 PM IST

nokia-exits-russian-market-over-invasion
নকিয়াই ত্যাগ কৰিলে ৰাছিয়াৰ বজাৰ

বিজ্ঞান ডেস্ক, 12 এপ্ৰিল : টেলিকম নেটৱৰ্ক আৰু ৫জি প্ৰযুক্তি চাপ্লায়াৰ নকিয়াই ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ বজাৰৰ পৰা প্ৰস্থান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Nokia exits Russian market) । ফিনলেণ্ডস্থিত এস্পু নামৰ কোম্পানীটোৱে মঙলবাৰে জানিবলৈ দিয়ে যে "ৰাছিয়ান সেনাৰ ইউক্ৰেইন আক্ৰমণৰ প্ৰথন দিনটোৰ পৰাই নকিয়াৰ বাবে এইটো স্পষ্ট হৈ আহিছে যে ৰাছিয়াত আমাৰ ব্যৱসায়িক উপস্থিতি অব্যাহত ৰখাটো সম্ভৱ নহ'ব ।"

নকিয়াই জানিবলৈ দিছে যে, তেওঁলোকে বিতৰণ স্থগিত ৰাখিছে, নতুন ব্যৱসায় বন্ধ কৰিছে (Nokia stops operation in Russia) আৰু যোৱা সপ্তাহবোৰত গৱেষণা আৰু ডেভেলপমেন্টৰ কামবোৰ ৰাছিয়াৰ পৰা বাহিৰলৈ স্থানান্তৰ কৰিছে । কোম্পানীটোৱে সদৰি কৰিছে যে, 2021 চনত ৰাছিয়াত নকিয়াৰ বিক্ৰীৰ 2% তকৈও কম আছিল (Nokia's sale drops in Russia) ৷

গতিকে, দেশখনৰ পৰা প্ৰস্থানৰ সিদ্ধান্তই এই বছৰ ইয়াৰ বিত্তীয় দৃষ্টিভংগীৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে । টেলিকম কোম্পেনীটোৱে অৱশ্যে এইটোও জানিবলৈ দিছে যে, "প্ৰস্থান কৰাৰ লগে লগে, আমি নেটৱৰ্কবোৰ বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰাৰ লক্ষ্য ৰাখি আগ বাঢ়িম আৰু বৰ্তমানৰ নিষেধাজ্ঞা অনুসৰণ কৰি এই সমৰ্থন সক্ষম কৰিবলৈ প্ৰাসংগিক অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিআছো" ৷

লগতে পঢ়ক : Climate change affects on birds: জলবায়ু পৰিৱৰ্তনৰ ফলত সংকটত পক্ষীকুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.