ETV Bharat / science-and-technology

National Mathematics Day 2022: শ্ৰীনিবাস ৰামানুজনক স্মৰণ কৰি সমগ্ৰ দেশত পালন ৰাষ্ট্ৰীয় গণিত দিৱস

author img

By

Published : Dec 22, 2022, 1:44 PM IST

ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ গণিতত অৱদানৰ বাবে ২০১২ চনৰ পৰা প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয় । এই মহান গণিতজ্ঞগৰাকীৰ বিষয়ে কিছু আমোদজনক কথা জানো আহক...

National Mathematics Day 2022 Remembering Srinivasa Ramanujan today know significance and history
শ্ৰীনিবাস ৰামানুজনক স্মৰণ কৰি সমগ্ৰ দেশত পালন ৰাষ্ট্ৰীয় গণিত দিৱস

নিউজ ডেস্ক, 22 ডিচেম্বৰ: ২০২২ চনৰ ২২ ডিচেম্বৰ অৰ্থাৎ আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হৈছে(National Mathematics Day history) । আজি ভাৰতৰ মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম বাৰ্ষিকী (২২ ডিচেম্বৰ, ১৮৮৭) গণিতৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে বাবেই ২০১২ চনৰ পৰা প্ৰতি বছৰে দেশত তেওঁৰ এই জন্মদিৱস ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয়(why celebrate National Mathematics Day)।

ভাৰত চৰকাৰে ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত এক অধিসূচনা জাৰি কৰি ২২ ডিচেম্বৰক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে ঘোষণা কৰে(National Mathematics Day theme)। আপুনি জানি আচৰিত হ’ব যে গণিতৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও শ্ৰীনিবাস ৰামানুজনে অসীম শৃংখলা, ভগ্নাংশ, সংখ্যা তত্ত্ব আৰু গাণিতিক বিশ্লেষণকে ধৰি গণিতৰ আটাইতকৈ কঠিন ক্ষেত্ৰসমূহত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল(National Mathematics Day significance)। এই মহান গণিতজ্ঞগৰাকীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ বিষয়ে কিছু আমোদজনক কথা জানো আহক...

  • গণিতৰ প্ৰতি ৰামানুজনৰ বিশেষ মোহ আছিল আৰু আন বিষয়ৰ প্ৰতি তেওঁৰ একেবাৰেই আগ্ৰহ নাছিল । সেইবাবেই তেওঁ দ্বাদশ শ্ৰেণীত দুবাৰকৈ অনুত্তীৰ্ণ হৈছিল । কিন্তু পিছলৈ যিখন বিদ্যালয়ত তেওঁক অসফল বুলি ঘোষণা কৰা হৈছিল, সেইখন বিদ্যালয়ৰ নাম এই মহান গণিতজ্ঞৰ নামত ৰামানুজনলৈ সলনি কৰা হয় ।
  • অসীম শৃংখলা, ভগ্নাংশ, সংখ্যা তত্ত্ব আৰু গাণিতিক বিশ্লেষণৰ দৰে কঠিনতম খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ৰামানুজনে মাত্ৰ ১২ বছৰ বয়সতে ত্ৰিকোণমিতিৰ বিশেষজ্ঞ আছিল ।
  • ৰামানুজনে ১৯১৬ চনত বি এছ চি ডিগ্ৰী লাভ কৰে । এবছৰৰ পাছত ১৯১৭ চনত গাণিতিক নীতিৰ ওপৰত কৰা কামৰ বাবে তেওঁ ‘লণ্ডন গণিত সমাজ’লৈ নিৰ্বাচিত হয় ।
  • মহান গণিতজ্ঞগৰাকীয়ে ১৯১৯ চনত ভাৰতলৈ উভতি আহি ১৯২০ চনৰ ২৬ এপ্ৰিলত মাত্ৰ ৩২ বছৰ বয়সত শাৰিৰীক অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰে ।
  • ৰবাৰ্ট কানিগেলে শ্ৰীনিবাস ৰামানুজনৰ বাবে 'The Man Who Knew Infinity' শীৰ্ষক জীৱনী ৰচনা কৰিছিল য’ত তেওঁ এইগৰাকী মহান গণিতজ্ঞৰ জীৱন আৰু তেওঁৰ অৱদানৰ ওপৰত আলোকপাত কৰিছিল ।
  • ২০১৫ চনত ৰামানুজনৰ ওপৰত এখন ছবি ‘The Man Who Knew Infinity’ ছবিও মুক্তি লাভ কৰে, য’ত ব্ৰিটিছ-ভাৰতীয় অভিনেতা দেৱ পেটেলে এইগৰাকী মহান গণিতজ্ঞৰ চৰিত্ৰত অভিনয় কৰিছিল(National Mathematics Day 2022) ।

লগতে পঢ়ক: Elon Musk: ইলন মাস্কৰ নতুন পৰিকল্পনাই লাভন্বিত কৰিব নেকি টুইটাৰক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.