ETV Bharat / science-and-technology

Technical trouble in SpaceX : শেষ মুহূৰ্তত বাতিল স্পেচএক্স ৰকেটৰ যাত্ৰা - NASA SpaceX call off

কাৰিকৰী সমস্যাৰ বাবে সোমবাৰে নাছাৰ স্পেচএক্স ৰকেটৰ যাত্ৰা বাতিল কৰা হয় (NASA SpaceX call off)। চাৰিগৰাকী মহাকাশচাৰীক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল । কেতিয়ালৈ এই যাত্ৰা পুনৰ আৰম্ভ হ'ব সেয়া নিশ্চিত হোৱা নাই ।

Technical trouble in SpaceX
শেষ মুহূৰ্তত বাতিল স্পেচএক্স ৰকেটৰ যাত্ৰা
author img

By

Published : Feb 27, 2023, 8:59 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : নাছাই ৪ গৰাকী মহাকাশচাৰীক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছিল । কিন্তু শেষ মুহূৰ্তত কাৰিকৰী সমস্যাৰ বাবে স্পেচএক্সক (SpaceX) উৎক্ষেপণ স্থগিত ৰাখিবলগীয়া হয় (Technical trouble forced SpaceX to call off)। কেনেডি স্পেচ চেণ্টাৰৰ পৰা লিফ্ট অফ হ'বলৈ মাত্ৰ দুই মিনিট বাকী থকা অৱস্থাতে কাউন্টডাউন বন্ধ কৰিবলগীয়া হয় । বিস্ফোৰণৰ বাবে মাত্ৰ এক ছেকেণ্ডৰ ভিতৰতে সমস্যাৰ সৃষ্টি হয় । অৱশ্যে ইঞ্জিন ইগনিশ্বন প্ৰণালীৰ বিসংগতি তাৎক্ষণিকভাৱে ধৰা পৰা নাছিল ।

কিন্তু পুনৰ স্পেচএক্সে কেতিয়া অভিযানৰ চেষ্টা চলাব সেয়া এতিয়াই উল্লেখ কৰা হোৱা নাই । পৰৱৰ্তী প্ৰচেষ্টা মঙলবাৰলৈ আৰম্ভ কৰাৰো চেষ্টা চলোৱা হৈছে । কিন্তু প্ৰতিকূল বতৰৰ আগজাননী দিয়া হৈছে (SpaceX space station mission suspended)। সেয়ে এই অভিযান বৃহস্পতিবাৰৰ পূৰ্বে পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা নাই ।

কেনেডি স্পেচ চেণ্টাৰত (Kennedy Space Center) উৎক্ষেপণৰ প্ৰচেষ্টা বন্ধ কৰাৰ সময়ত ক্ৰু কেপচুল এণ্ডেভাৰৰ সৈতে এটা স্পেচএক্স ফেলকন ৯ ৰকেট পেড ৩৯এত ৰৈ থকা দেখা গৈছিল । ফেলকন ৰকেটৰ ওপৰৰ কেপচুলটোত আছিল দুগৰাকী নাছা মহাকাশচাৰী, এগৰাকী ৰাছিয়ান মহাকাশচাৰী আৰু সংযুক্ত আৰৱ আমীৰশ্বাহীৰ এগৰাকী মহাকাশচাৰী । স্পেচএক্সৰ দ্বাৰা জনোৱা হৈছিল যে, ৰকেটৰ পৰা ইন্ধন নিষ্কাষণ কৰা আৰম্ভ হ'ব । কামাণ্ডাৰ ষ্টিফেন বোৱেনে ইয়াৰ উত্তৰ দি কৈছিল তেওঁলোকে তাত অপেক্ষা কৰি বহি থাকিব । প্ৰায় এঘণ্টা সময় লাগিব বুলি আশা কৰা হৈছিল ।

বিষয়াসকলে জনোৱা মতে, সমস্যাটোত ইঞ্জিন ইগনিচন ফ্লুইড লোড কৰাৰ বাবে মাটিত ব্যৱহৃত সঁজুলিৰ বাবে হৈছিল । উৎক্ষেপণ দলটোৱে অৱশ্যে ইয়াৰ বিষয়ে নিশ্চিত হ'ব নোৱাৰিলে । এগৰাকী স্পেচএক্স অভিযন্তাই এই গুৰুত্বপূৰ্ণ প্ৰণালীটোক এখন গাড়ীৰ বাবে প্লাগ স্পাৰ্ক কৰাৰ দৰেই বুলি উল্লেখ কৰিছে ।

পাইলট ৱাৰেন হোবাৰ্গ, ৰাছিয়াৰ মহাকাশচাৰী আন্দ্ৰে ফেদিয়ায়েভ, কমাণ্ডাৰ ষ্টিফেন বোৱেন আৰু সংযুক্ত আৰৱ আমীৰশ্বাহীৰ মহাকাশচাৰী চুলতান আল-নেয়াদি এই অভিযানৰ সৈতে জড়িত আছিল । এমহীয়া দীঘলীয়া অভিযানৰ বাবে আটাইকেইগৰাকী মহাকাশচাৰী যোৱাৰ কথা আছিল । ইতিমধ্যে অক্টোবৰ মাহৰ পৰাই মহাকাশ কেন্দ্ৰত থকা চাৰিগৰাকী আন মহাকাশচাৰীক এওঁলোকে সলনি কৰাৰ কথা আছিল ।

লগতে পঢ়ক :Microsoft ৰ ChatGPT ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু চীন, শীঘ্ৰেই আহি আছে কথা ক'ব পৰা AI ভিত্তিক ChatBot

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.