ETV Bharat / science-and-technology

Apple's announcement: শীঘ্ৰেই USB Type-C প’ৰ্টৰ সৈতে মুকলি হ'ব iPhoneৰ নতুন মডেল

author img

By

Published : Oct 26, 2022, 7:23 PM IST

শীঘ্ৰেই Apple এ নিজৰ iPhone মডেলসমূহ অন্তৰ্ভুক্ত কৰিব USB Type-C প’ৰ্ট ৷ ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বাৰ্ষিক টেক লাইভ সন্মিলনত ভাষণ দি এপলৰ ৱৰ্ল্ডৱাইড মাৰ্কেটিঙৰ জ্যেষ্ঠ উপ-সভাপতি গ্ৰেগ জোছৱিয়াকে নিশ্চিত কৰে এই কথা ।

iPhone will launch first new model with USB Type C
শীঘ্ৰেই USB Type-C প’ৰ্টৰ সৈতে মুকলি হ'ব iPhoneৰ নতুন মডেল

নিউজ ডেস্ক, 26 অক্টোবৰ: Apple এ নিজেই নিশ্চিত কৰিছে যে তেওঁলোকে অতি শীঘ্ৰেই তেওঁলোকৰ আইফোনসমূহ USB Type-C Charging portৰ সৈতে শিপিং আৰম্ভ কৰিব । এতিয়ালৈকে Appleয়ে নিজৰ iPhone মডেলসমূহ লাইটনিং প’ৰ্টৰ সৈতে প্ৰেৰণ কৰে, যাৰ ফলত ইয়াৰ ডিভাইচসমূহ আজিকালি বেছিভাগ স্মাৰ্টফোন কোম্পানীয়ে ব্যৱহাৰ কৰা USB Type-C চাৰ্জাৰৰ সৈতে অসামঞ্জস্যপূৰ্ণ হৈ পৰে । এতিয়া কোম্পানীটোৱে নিশ্চিত কৰিছে যে অতি সোনকালে তেওঁলোকৰ আইফোনসমূহত লাইটনিং প’ৰ্টৰ ঠাইত USB Type-C টাইপ ব্যৱহাৰ কৰিব ।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বাৰ্ষিক টেক লাইভ সন্মিলনত ভাষণ দি এপলৰ ৱৰ্ল্ডৱাইড মাৰ্কেটিঙৰ জ্যেষ্ঠ উপ-সভাপতি গ্ৰেগ জোছৱিয়াকে নিশ্চিত কৰে এই কথা । ২০২৪ চনৰ ভিতৰত সকলো কোম্পানীয়ে USB Type-C চাৰ্জাৰৰ সৈতে নিজৰ ডিভাইচ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা ইউৰোপীয় সংঘই গৃহীত নতুন আইন এপলে মানি চলিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কাৰ্যবাহীগৰাকীয়ে কয় যে, এপলে নতুন আইনসমূহ মানি চলিব লগতে অনুসৰণ কৰিব ৷

অনুষ্ঠানত এপলৰ এজন কাৰ্যবাহীয়ে কয় যে স্পষ্টভাৱে আমি অনুসৰণ কৰিব লাগিব । সন্মিলনত ভাষণ প্ৰদান কৰি জোছৱিয়াকে লগতে কয় যে, এপল আৰু ইউৰোপীয় সংঘৰ মাজত দীৰ্ঘদিন ধৰি ইজনে সিজনৰ মাজত মতানৈক্য চলি আহিছে, ইউৰোপীয় বিষয়াসকলে কেনেকৈ এসময়ত কোম্পানীটোৱে Micro USB charging port গ্ৰহণ কৰাটো বিচাৰিছিল সেই বিষয়ে ব্যাখ্যা কৰে ।

তেওঁ লগতে কয় যে, সেই সময়ত ইউৰোপীয় কৰ্তৃপক্ষই কৰা দাবীসমূহ মানি চলা হ’লে লাইটনিং প’ৰ্ট বা ইউএছবি টাইপ-চি প’ৰ্ট দুয়োটা আৱিষ্কাৰ নহ’লহেঁতেন ।

আইফোন মডেলত প্ৰথমবাৰৰ বাবে উপলব্ধ হ’ব Type-C

মন কৰিবলগীয়া যে, এপলৰ কাৰ্যবাহীসকলে সঠিকভাৱে নিশ্চিত কৰা নাই যে, এপলে কেতিয়া নিজৰ আইফোন মডেলত USB Type-C প’ৰ্ট ব্যৱহাৰ কৰিবলৈ সলনি হ’ব, ৰিপ’ৰ্ট সমূহে যিমান সোনকালে পাৰে সলনি কৰাৰ কথা আঙুলিয়াই দিছে । চলিত মাহৰ আৰম্ভণিতে মাৰ্ক গুৰমেনে তেওঁৰ পাৱাৰ অন নিউজলেটাৰত শ্বেয়াৰ কৰা সবিশেষ তথ্য অনুসৰি ২০২৩ চনৰ শেষৰ ফালে মুকলি হ’বলগীয়া iPhone 15 হ’ব USB Type-C প’ৰ্টৰ সৈতে প্ৰেৰণ কৰা প্ৰথমটো আইফোন মডেল ।

ইতিমধ্যে, এপলে নিজৰ মেক, কেইবাটাও আইপেড মডেল, আৰু USB Type-C প’ৰ্টৰ সৈতে আনুষংগিক সামগ্ৰী প্ৰেৰণ আৰম্ভ কৰিছে । ২০২৩ চনৰ পৰা কোম্পানীটোৱে iPhone 15ত ইউনিভাৰ্চেল চাৰ্জিং প’ৰ্ট, এণ্ট্ৰি লেভেল আইপেড আৰু এয়াৰপডছ চাৰ্জিং কেছ অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । এই প্ৰতিবেদনসমূহৰ বাহিৰেও ইউৰোপৰ নতুন আইন অনুসৰি ২০২৪ চনৰ ভিতৰত এপলে নিজৰ সকলো ডিভাইচলৈ সলনি হ’ব লাগিব বুলি অনুমান কৰাটো ভুল নহ’ব ।

লগতে পঢ়ক: WhatsApp Outage: হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ'ল WhatsApp

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.