ETV Bharat / science-and-technology

Google Doodle: আজি গুগলত লাগি থকা ডুডল দেখিছেনে ? প্ৰথমে কেটআই চশমাৰ ডিজাইন উদ্ভাৱন কৰিছিল তেওঁ

author img

By

Published : Aug 4, 2023, 3:12 PM IST

Google Doodle: কেট-আই ফ্ৰেম ডিজাইন কৰা আলটিনা শ্বিনাচি কোন ? গুগলে এনেদৰে ক’লে যে কেনেকৈ আৰু ক’ৰ পৰা কেট-আই ফ্ৰেম ডিজাইনৰ চিন্তাধাৰা উদ্ভাৱন হৈছিল ।

Google Doodle
আজি গুগলত লাগি থকা ডুডল দেখিছেনে

নিউজ ডেস্ক, 4 আগষ্ট: কোনো উদযাপনত গুগল পিছ পৰি নাথাকে । যেতিয়াই কাৰোবাক মনত ৰাখিব লাগে তেতিয়াই গুগল নিজৰ ডুডল প্ৰস্তুত কৰে । অতি আকৰ্ষণীয় আৰু সৃষ্টিশীলভাৱে গুগলে নিজৰ ডুডলসমূহ প্ৰস্তুত কৰে । এইবাৰ গুগলে মনত পেলাইছে পোনপ্ৰথনে কেট আই চশমা তৈয়াৰ কৰা মহিলাগৰাকীক । এই মহিলাগৰাকী হৈছে আমেৰিকাৰ ভাস্কৰ্য্য শিল্পী, ডিজাইনাৰ আৰু উদ্ভাৱক আলটিনা শ্বিনাছি ৷ তেওঁ আলটিনা কেৰী নামেৰেও জনাজাত । একচেটিয়া ফেশ্বন আৰু চশমা ডিজাইনৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে তেওঁ পৰিচিত । তেওঁৰ বিষয়ে আৰু তেওঁ অনা এই কেট-আই ফ্ৰেমৰ ধাৰণাটোৰ বিষয়ে জানো আহক-

আলটিনা শ্বিনাছিয়ে পেৰিছত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁৰ শিল্পৰ প্ৰতি আকৰ্ষণ গঢ় লৈ উঠিছিল । তাৰ পৰাই পঢ়া-শুনা শেষ কৰি নিউয়ৰ্কৰ দ্য আৰ্ট ষ্টুডেণ্টছ লীগত(The Art Students league) তেওঁ নামভৰ্তি কৰে, য’ত তেওঁ শিকি-শিকি নিজৰ দক্ষতাক নিখুঁত কৰি তুলিছিল ।

কেনেকৈ প্ৰেৰণা লাভ কৰিছিল ?

ইয়াৰ পিছত তেওঁ ফিফথ এভিনিউৰ বিভিন্ন দোকানৰ খিৰিকী ড্ৰেছাৰ হিচাপে কাম কৰিছিল । ইয়াৰ পিছত তেওঁ সাহস পাইছিল য’ৰ পৰাই তেওঁ ডিজাইনৰ জগতখনত প্ৰৱেশ কৰিছিল । ইয়াতেই তেওঁ ছালভাডৰ ডালি আৰু জৰ্জ গ্ৰ’জৰ দৰে প্ৰভাৱশালী শিল্পীৰ সৈতে সহযোগিতা কৰাৰ সুযোগ পাইছিল ।

এই ধাৰণাটো ক’ৰ পৰা আহিল ?

কেট-আই ফ্ৰেমৰ ধাৰণাটো শ্বিনাছিৰ মনলৈ আহিছিল যেতিয়া তেওঁ উইণ্ড’ ডিছপ্লে ডিজাইনাৰ হিচাপে কাম কৰি আছিল । তেওঁ লক্ষ্য কৰিলে যে মহিলাৰ বাবে চশমাৰ ফ্ৰেমৰ ক্ষেত্ৰত বিশেষ বিকল্প নাই । সেইবাবেই তেওঁ ইয়াৰ কাম আৰম্ভ কৰিলে । ইটালীৰ ভেনিচত অনুষ্ঠিত হোৱা কাৰ্নেভেল উৎসৱৰ সময়ত পিন্ধা হাৰ্লে কুইন মাস্কৰ পৰা অনুপ্ৰাণিত হৈছিল কেট-আইৰ দৰে ফ্ৰেমটোৰ, যেতিয়া তেওঁ প্ৰথমটো প্ৰ’ট’টাইপ তৈয়াৰ কৰিছিল ।

লগতে পঢ়ক: Netflix Password Sharing: আজিৰে পৰা বন্ধ হ’ল নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং, জানি লওক নেটফ্লিক্সৰ নতুন নিয়মাৱলী

লগতে পঢ়ক: Google or ChatGPT: কোনো গুৰুতৰ ৰোগৰ বিষয়ে সঠিক তথ্যৰ প্ৰয়োজন হ’লে আপুনি Google বা ChatGPTৰ সহায় ল’ব লাগেনে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.