ETV Bharat / science-and-technology

টুইটাৰৰ বহু প্ৰত্যাশিত Edit Tweet Feature এইসকল লোকৰ বাবেহে উপলব্ধ হ’ব - ব্লু চাবস্ক্ৰাইবাৰ

২১ ছেপ্টেম্বৰত টুইটাৰে মুকলি কৰিবলৈ সাজু হৈছে বহু প্ৰত্যাশিত এডিট টুইট বৈশিষ্ট্য (Edit Tweet Feature) । ব্লু চাবস্ক্ৰাইবাৰ সকলৰ বাবে সৰ্বপ্ৰথমে উপলব্ধ হ’ব এই সুবিধা ৷

edit tweet feature available on 5 dollar per month subscription for blue subscribers
টুইটাৰৰ বহু প্ৰত্যাশিত Edit Tweet Feature এইসকল লোকৰ বাবেহে উপলব্ধ হ’ব
author img

By

Published : Sep 18, 2022, 6:30 PM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ: ২১ ছেপ্টেম্বৰত টুইটাৰে মুকলি কৰিবলৈ সাজু হৈছে বহু প্ৰত্যাশিত এডিট টুইট বৈশিষ্ট্য (Edit Tweet Feature) । ইয়াক সৰ্বপ্ৰথমে ইয়াৰ ব্লু চাবস্ক্ৰাইবাৰ সকলৰ বাবে উপলব্ধ হ’ব যিসকলে প্ৰতিমাহে ৪.৯৯ ডলাৰ দি আহিছে (Blue subscribers pay $4.99 per month) ।

‘Edit Tweet বৈশিষ্ট্যৰ (Edit Tweet Feature)জৰিয়তে মানুহে নিজৰ টুইট প্ৰকাশ হোৱাৰ পিছত সলনি কৰিব পাৰে । সম্পাদনা কৰা টুইটসমূহ এটা আইকন(Edited Tweets icon), টাইমষ্টেম্প আৰু লেবেলৰ সৈতে দেখা যাব যাতে পাঠকসকলক স্পষ্ট কৰি দিব পাৰি যে মূল টুইটটো সংশোধন কৰা হৈছে ।

লেবেলত টেপ কৰিলে ব্যৱহাৰকাৰীয়ে টুইটটোৰ Edit History লৈ (Tweets edit history)যাব, য’ত টুইটটোৰ পূৰ্বৰ সংস্কৰণসমূহ (Old version) অন্তৰ্ভুক্ত কৰা হৈছে । শুকুৰবাৰে প্লেটফৰ্মাৰৰ কেছি নিউটনে (Casey Newton Platformer) এক টুইটযোগে কয় যে, আগন্তুক সপ্তাহত এই বৈশিষ্ট্য জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ সম্ভাৱনা আছে ।

তেওঁ পোষ্ট কৰে, "মোৰ সৈতে শ্বেয়াৰ কৰা আভ্যন্তৰীণ নথি অনুসৰি টুইটাৰে ২১ ছেপ্টেম্বৰ বুধবাৰে টুইটৰ সম্পাদনাৰ ৰাজহুৱা পৰীক্ষণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।" টুইটাৰ ব্যৱহাৰকাৰীসকলে বছৰ বছৰ ধৰি টাইপ ভুল আৰু ব্যাকৰণগত ভুল শুধৰাবলৈ Edit Button বিচাৰি আহিছে ।

চলিত মাহৰ আৰম্ভণিতে টুইটাৰে এটা আভ্যন্তৰীণ দলৰ সৈতে সম্পাদনা টুইট বৈশিষ্ট্যৰ বাবে এটা সৰু পৰীক্ষাৰ কথা ঘোষণা কৰিছিল, ইয়াৰ পূৰ্বে এই বৈশিষ্ট্য জনসাধাৰণৰ বাবে মুকলি কৰিছিল । টুইটাৰে কয় যে, “টাইপ ভুল সমাধান, এৰি যোৱা টেগ যোগ কৰা আদি বহুতো কাম কৰিবলৈ এই Feature অন্তৰ্ভুক্ত কৰা হৈছে ।”

টুইটাৰে কয় যে, তেওঁলোকে ইচ্ছাকৃতভাৱে এটা সৰু গোটৰ সৈতে Edit Tweet পৰীক্ষা কৰি আছে যাতে মানুহে কেনেকৈ এই বৈশিষ্ট্যৰ অপব্যৱহাৰ কৰিব পাৰে সেয়া চাব পাৰে । কোম্পানীটোৰ মতে, "আমি এইটোও পৰীক্ষণ কৰিম যে এই বৈশিষ্ট্যই মানুহে টুইট পঢ়া, লিখা আৰু জড়িত হোৱাৰ ধৰণত কেনে প্ৰভাৱ পেলায় ।"

লগতে পঢ়ক: আটাইতকৈ ধনী ব্যক্তি Elon Musk এ পুনৰবাৰ টাৰ্গেট কৰিলে টুইটাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.