ETV Bharat / science-and-technology

মহাকাশ ষ্টাৰ্টআপৰ সফলতাৰ বাবে আইপিআৰৰ স্পষ্টতাৰ প্ৰয়োজন - আই এছ পি এৰ চৰকাৰ

চৰকাৰে নতুন মহাকাশ নীতি উন্মোচনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে মহাকাশ খণ্ডৰ ষ্টাৰ্টআপসমূহৰ সফলতাৰ বাবে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ওপৰত স্পষ্টতা অতি গুৰুত্বপূৰ্ণ বুলি ক'লে উদ্যোগী নেতাই(Clarity on IPR key for success of space startups) ।

clarity-on-ipr-key-for-success-of-space-startups-industry-leader
মহাকাশ ষ্টাৰ্টআপৰ সফলতাৰ বাবে আইপিআৰ চাবিকাঠিৰ ওপৰত স্পষ্টতা: উদ্যোগৰ নেতা
author img

By

Published : Aug 16, 2022, 6:37 AM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: চৰকাৰে নতুন মহাকাশ নীতি উন্মোচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে মহাকাশ খণ্ডত ষ্টাৰ্টআপৰ সফলতাৰ বাবে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ওপৰত স্পষ্টতা অতি গুৰুত্বপূৰ্ণ বুলি ক'লে এগৰাকী উদ্যোগী নেতাই(Clarity on IPR key for success of space startups) ।

উদীয়মান খণ্ডত ব্যৱসায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আশা কৰা এই মহাকাশ(Indian Space Research Organization) নীতি আলোচনাৰ চূড়ান্ত পৰ্যায়ত আছে আৰু ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডই প্ৰযুক্তি হস্তান্তৰ, দূৰৱৰ্তী সংবেদন আৰু উপগ্ৰহ যোগাযোগত অৰিহণা যোগাব পৰাকৈ এক ৰোডমেপ প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে(Government prepares to unveil a new space policy) ।

শেহতীয়াকৈ ইয়াত ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যন (আই এছ পি এ) আৰু কলাৰী কেপিটেলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত আই এছ পি এৰ অধ্যক্ষ জয়ন্ত পাটিলে কয় যে, মহাকাশ বিধেয়কখন সংসদে অনুমোদন কৰাৰ পিছত এই নীতি কাৰ্যকৰী কৰাৰ বাবে আইনী সমৰ্থন লাভ কৰিব ।

পাটিলে লগতে কয় যে, প্ৰায় দুবছৰ পূৰ্বে চৰকাৰে ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰা মহাকাশ খণ্ডৰ ষ্টাৰ্টআপ সম্প্ৰদায়ক আমনি কৰা আটাইতকৈ ডাঙৰ বিষয়টোৱেই হৈছে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বিষয়টো । আই এছ পি এৰ চৰকাৰৰ সৈতে হোৱা আলোচনাৰ বিষয়ে ষ্টাৰ্টআপ কমিউনিটিৰ প্ৰতিনিধিসকলক অৱগত কৰি তপাটিলে কয় যে, "আপুনি বৌদ্ধিক সম্পত্তি (আই পি)ৰ মালিক হ'বনে বা আই পি চৰকাৰৰ লগত থাকিব ?"

ষ্টাৰ্টআপ খণ্ডটোৰ উদ্বেগক চৰকাৰে স্বীকৃতি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰ হিচাপে আপুনি সম্পূৰ্ণ আই পিৰ মালিক হ'ব নোৱাৰে, যদিহে আই পি চৰকাৰৰ মালিকানাধীন হয় তেন্তে ই ষ্টাৰ্টআপৰ কোনো কামত নাহে ।

লগতে পঢ়ক : চিকিৎসা বিজ্ঞানে উদ্ভাৱন কৰিলে প্ৰথম কৃত্ৰিম ভ্ৰূণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ এ এছ কিৰণ কুমাৰে(former Chairman of Indian Space Research Organization) ষ্টাৰ্টআপসমূহক যিকোনো উদ্যোগত নামি পৰাৰ পূৰ্বে তেওঁলোকৰ সামগ্ৰীৰ শেষ ব্যৱহাৰকাৰী বা ক্ৰেতাসকলক চিনাক্ত কৰিবলৈ কয় । তেওঁ কয় যে, মহাকাশ খণ্ডত যথেষ্ট সুযোগ আছে, কিন্তু সফলতাৰ কোনো স্পষ্ট প্ৰেছক্ৰিপচন নাই । আনুমানিক ৩৬০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিশ্ব মহাকাশ অৰ্থনীতিত ভাৰতৰ অংশ প্ৰায় দুশতাংশ বা প্ৰায় সাত বিলিয়ন ডলাৰ ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা লেফটেনেণ্ট জেনেৰেল ভি জি খাণ্ডাৰেই(Principal Advisor, Ministry of Defence) ষ্টাৰ্টআপসমূহক মহাকাশ পৰিস্থিতি সজাগতা (এছ এছ এ) আৰু বিভিন্ন মহাকাশ সম্পত্তিৰ পৰা লাভ কৰা তথ্য প্ৰক্ৰিয়াকৰণৰ দৰে ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ কয় । তেওঁ কয় যে, "আমি বিগ ডাটা চম্ভালিব পৰাকৈ সক্ষম হ'ব লাগিব, আমি সেই ডাটা পৰিষ্কাৰ কৰিবলৈও সক্ষম হ'ব লাগিব, লিগেচি ডাটাৰ সৈতে ইয়াক সমন্বিত কৰিব লাগিব আৰু সেই ডাটাৰ অখণ্ডতা নিশ্চিত কৰিব লাগিব, ইয়াক সঠিকভাৱে কেটেলগ আৰু আৰ্কাইভ কৰি সংৰক্ষণ কৰিব লাগিব যাতে ই কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সাজু হ'ব পাৰে ৷ "

তেওঁ কয় যে, কৃত্ৰিম বুদ্ধিমত্তা সক্ষম ব্যৱস্থাৰ দ্বাৰা ব্যৱহাৰৰ বাবে সাজু হৈ থকা তথ্যসমূহ সম্ভৱপৰ উত্তম বাণিজ্যিক সামৰ্থ্য অনুসৰি ব্যৱহাৰ কৰিব পাৰি। খাণ্ডাৰে ষ্টাৰ্টআপসমূহক ইতিমধ্যে ব্যৱহৃত প্ৰযুক্তিসমূহৰ প্ৰতিলিপি কৰাৰ বিৰুদ্ধেও আহ্বান জনায় আৰু উন্নত সমাধান আগবঢ়োৱাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে ।

লগতে পঢ়ক : গাহৰিৰ ছালৰ কৰ্ণিয়াল ইমপ্লাণ্টে পুনৰ ঘূৰাই আনিব দৃষ্টিশক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.