নিউজ ডেস্ক, 11 ডিচেম্বৰ: টোপনিৰ সময়ত আমি বিভিন্ন সপোন দেখোঁ । তাৰে কিছুমান সপোন বৰ ভাল লগা, কিছুমান ভয়ংকৰ আৰু কিছুমান হাস্যৰসিক । কেতিয়াবা আমাৰ মনত এনে ভাব হয় যে সপোনত দেখা ঘটনাবোৰ যদি সঁচাকৈয়ে ঘটিলহেতেন ! এই ধৰক আপুনি সপোনত এখন ধুনীয়া গাড়ী কিনা দেখিছে, কোনোবা মনোৰম ঠাইত ফুৰিবলৈ যোৱা দেখিছে, সুস্বাদু খাদ্য গ্ৰহণ কৰা দেখিছে, অথবা এজন ধুনীয়া যুৱক বা ধুনীয়া যুৱতীৰ সৈতে কিছু মুহূৰ্ত কটোৱাও দেখিব পাৰে ৷ তেতিয়া নিশ্চয় এনে ভাৱ হয় এইবোৰ যদি সঁচাকৈয়ে ঘটে !
সপোনৰ কথা ওলাইছে যেতিয়া আপোনালোকক এটা নতুন খবৰ দিওঁ ৷ আপোনাৰ সপোন নিয়ন্ত্ৰণ কৰিব পৰাকৈ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে এটা যন্ত্ৰ ৷ নাম দিয়া হৈছে ‘হেলো’ ৷ এই যন্ত্ৰৰ দ্বাৰা আপুনি কি ধৰণৰ সপোন দেখিব বিচাৰে সেই ধৰণে সপোনক নিয়ন্ত্ৰণ কৰিব পাৰিব ৷ আমেৰিকাৰ ‘প্ৰফেটিক’ নামৰ কোম্পানীটোৱে উদ্ভাৱন কৰিছে এই যন্ত্ৰটো ৷
এই যন্ত্ৰটোৰ দ্বাৰা আপুনি লাভান্বিত হ’ব বুলি উদ্ভাৱকসকলে আশা কৰিছে ৷ নিয়ন্ত্ৰিত সপোনৰ জৰিয়তে কেৰিয়াৰৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণৰ পৰিকল্পনাও কৰিব পাৰি ৷
হেলো যন্ত্ৰটো এটা মুকুটৰ দৰে । ই আল্ট্ৰাছাউণ্ড আৰু মেচিন লাৰ্নিঙৰ ওপৰত ভিত্তি কৰি কাম কৰে । ইয়াক আমি শুবলৈ যোৱাৰ আগতে মূৰত পিন্ধিব লাগে । প্ৰফেটিকে কয় যে ইয়াৰ মূল্য ১.২৫ লাখৰ পৰা ১.৬৬ লাখৰ ভিতৰত হ’ব পাৰে । এই সঁজুলিটোৱে আমি চিলমিল টোপনিত থকাৰ সময়ত দেখা সপোনবোৰ বিশ্লেষণ কৰে ।
গৱেষকসকলে টোপনি দুটা পৰ্যায়ত ভাগ কৰে, REM আৰু non-REM । চকুৰ পতা বন্ধ হৈ থকাৰ সময়ত চকু দুটাই লৰচৰ কৰি থকা প্ৰক্ৰিয়াটোক REM ষ্টেজ বোলা হয় । ইয়াক লুচিড ড্ৰিম বুলিও কোৱা হয় ।
‘হেলো’ সঁজুলিটোৱে প্ৰগ্ৰেমিঙৰ জৰিয়তে আমি কেনেধৰণৰ সপোন দেখিব বিচাৰো তাৰ পৰিচয় দিয়ে । ইয়াৰ উদ্ভাৱকসকলে দাবী কৰে যে সপোনক নিয়ন্ত্ৰণ কৰি সেই সকলো সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰি । উদাহৰণস্বৰূপে এজন চিইঅ’ই বুজাই দিলে যে তেওঁ আগন্তুক ব’ৰ্ডৰ সভাৰ বিষয়ে নিজৰ সপোনত অনুশীলন কৰিব পাৰে ৷