নিউড ডেস্ক, 11 নৱেম্বৰ: জনপ্ৰিয় শ্বপিং প্লেটফৰ্ম আমাজনে গ্ৰাহকক ফায়াৰটিভি ষ্টিক আৰু কিণ্ডল ই-বুক ৰিডাৰৰ পৰা আৰম্ভ কৰি এমাজন ইকো স্মাৰ্ট স্পীকাৰৰ দৰে কেইবাটাও স্মাৰ্ট প্ৰডাক্ট আগবঢ়াইছে । যদি আপুনি নতুন স্পীকাৰ ক্ৰয় কৰিব বিচাৰে কিন্তু এলেক্সা সমৰ্থনৰ সৈতে স্মাৰ্ট স্পীকাৰৰ বিষয়ে আপোনাৰ সিদ্ধান্ত ল’ব পৰা নাই, তেন্তে কোম্পানীয়ে ইয়াক ব্যৱহাৰৰ বাবে আপোনাক সুবিধা প্ৰদান কৰিব ।
বিশেষ অফাৰ হিচাপে এমাজনে গ্ৰাহকক সম্পূৰ্ণ ১০ দিনৰ বাবে এমাজন ইকো ডট স্মাৰ্ট স্পীকাৰ ট্ৰাই কৰাৰ বিকল্প দিছে(Amazon special offer) । যদি এই ১০ দিনত স্মাৰ্ট স্পীকাৰৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাল নহয়, তেন্তে কোম্পানীয়ে টকা ঘূৰাই দিব আৰু কোনো প্ৰশ্ন নোহোৱাকৈ প্ৰডাক্টটো ঘূৰাই লোৱা হ’ব । নতুন অফাৰটোৱে দেখুৱাইছে যে আমাজনে নিজৰ স্মাৰ্ট স্পীকাৰ ৰেঞ্জত আত্মবিশ্বাসী যে ইয়াক গ্ৰাহকে পচন্দ কৰাটো নিশ্চিত ।
এই মূল্যত দিয়া হৈছে Amazon Echo Dot
আমাজনত তালিকাভুক্ত হৈছে কেইবাখনো ইকো ডট মডেল, যাৰ মূল্য ৩৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে । ইকো ডট (3rd Gen) ৪৪৯৯ টকাৰ পৰিৱৰ্তে ৩৪৯৯ টকাত ২২ শতাংশ ৰেহাইৰ সৈতে ক্ৰয় কৰিব পাৰিব । ইয়াৰ উপৰিও ইকো ডট (4th Gen) ১১ শতাংশ ৰেহাইৰ পিছত ৪৪৯৯ টকাৰ পৰিৱৰ্তে ৩,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব । এইবোৰৰ ওপৰত HSBC কেছবেক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে অতিৰিক্ত ৫% ৰেহাই দিয়া হৈছে ।
নতুন অফাৰৰ সুবিধা কেনেকৈ পাব ?
স্পষ্টভাৱে স্মাৰ্ট স্পীকাৰক ট্ৰাই কৰিবলৈ হ’লে প্ৰথমে আপুনি ইয়াক ক্ৰয় কৰিব লাগিব । ইয়াৰ পিছত ১০ দিনৰ ব্যৱহাৰৰ সময়ছোৱাত আপুনি আপোনাৰ অভিজ্ঞতা অনুসৰি সিদ্ধান্ত ল’ব পাৰে । ইচ্ছা কৰিলে এই স্মাৰ্ট স্পীকাৰটো ব্যৱহাৰ কৰি থাকিব আৰু ঘূৰাই নিদিব । যদি অভিজ্ঞতা ভাল নহয় তেন্তে ইয়াক ঘূৰাই দিব পাৰিব । আপুনি যি ধন দিলে সেয়া আপোনাক ঘূৰাই দিয়া হ’ব ।
স্পীকাৰ এলেক্সা সমৰ্থনৰ সৈতে আহে
আমাজনৰ স্মাৰ্ট স্পীকাৰত ভইচ এচিষ্টেণ্ট এলেক্সা সমৰ্থন আছে । যদি আপোনাৰ ঘৰত স্মাৰ্ট ডিভাইচ আছে, তেন্তে এলেক্সাৰ(Amazon Alexa) সহায়ত, কেৱল ভইচ কমাণ্ড দি নিয়ন্ত্ৰণ কৰিব পাৰি । ইয়াৰ উপৰিও, আপুনি Alexa-ক সংগীত বজাবলৈ ক'ব পাৰে, এলাৰ্ম বা সোঁৱৰাই দিয়া ছেট কৰিব পাৰে, আৰু আপোনাৰ শ্বপিং কাৰ্টত বস্তু যোগ কৰিব পাৰে ।
লগতে পঢ়ক: এইটো ছ’চিয়েল নেটৱৰ্কিং চাইটে প্ৰকাশ কৰে নগ্নতা, কিন্তু !