ETV Bharat / science-and-technology

10 trending English words: ২০২২ চনৰ ১০টা নতুন ইংৰাজী শব্দ

author img

By

Published : Jul 11, 2022, 12:52 PM IST

বৰ্তমানৰ ডিজিটেল যুগত প্ৰতিদিনে নতুন নতুন উদ্ভাৱনৰ লগতে পৃথিৱীখনৰ দ্ৰুত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে (World changing rapidly with new inventions every day in digital era)। পৃথিৱীখন যেন এখন বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত হৈছে (World has turned into global village)৷ ইয়াৰ লগে লগে প্ৰতিদিনে চৰ্চালৈ আহিছে নতুন নতুন শব্দ (New New English words) ।

10-trending-english-words-you-should-know-in-2022
10 trending English words: ২০২২ চনৰ ১০টা নতুন ইংৰাজী শব্দ

নেশ্যনেল ডেস্ক, 11 জুলাই: বৰ্তমানৰ ডিজিটেল যুগত প্ৰতিদিনে নতুন নতুন উদ্ভাৱনৰ লগতে পৃথিৱীখনৰ দ্ৰুত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে ( World changing rapidly with new inventions every day in digital era)। পৃথিৱীখন যেন এখন বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত হৈছে (World has turned into global village)৷ ইয়াৰ লগে লগে প্ৰতিদিনে চৰ্চালৈ আহিছে নতুন নতুন শব্দ (New New English words) । একেদৰে সমগ্ৰ বিশ্বতে প্ৰযুক্তিগত ক্ষেত্ৰখনৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন দেশত সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰকৰ ওপৰত ভিত্তি কৰি মানুহে ব্যৱহাৰ কৰা ভাষাৰ পৰিৱৰ্তন ঘটিছে ৷ ফলত প্ৰতি বছৰে অক্সফৰ্ড অভিধানত ন ন ইংৰাজী শব্দ সংযোজন হৈ আহিছে । শেহতীয়াকৈ অৰ্থাৎ ২০২২ চনত Trend হৈ থকা ১০ টা ইংৰাজী শব্দৰ বিষয়ে উল্লেখ কৰা হৈছে । কি এইকেইটা শব্দ...জানো আহক ৷

Nomophobia: মোবাইল ফোন অবিহনে জীয়াই থাকিব নোৱাৰাৰ ভয় ৷

Sharent: যিসকল অভিভাৱকে নিয়মিতভাৱে নিজৰ সন্তানৰ সৈতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তথ্য শ্বেয়াৰ কৰে তেওঁলোকক শ্বেয়াৰাৰ(sharer) বুলি কোৱা হয় । এজন শ্বেয়াৰাৰ আৰু এজন অভিভাৱকক একত্ৰিত কৰি এটা শ্বেয়াৰাৰ গঠন কৰা হয় ৷

Finfluencer: এজন Finfluencerয়ে এজন প্ৰভাৱশালী ব্যক্তিক বুজাইছে, যিয়ে ধন সম্পৰ্কীয় বিষয়ত মনোনিৱেশ কৰে ।

Fitspiration: স্বাস্থ্য, আৰু ফিটনেছৰ বিষয়ে জানিব অথবা শিকিবলৈ বা ইয়াক উন্নত কৰাৰ বাবে প্ৰেৰণাস্বৰূপ ব্যক্তি বা বস্তুৰ বিষয়ে কওঁতে fitspiration শব্দটো ব্যৱহাৰ কৰা হয় । ফিটনেছ আৰু প্ৰেৰণা শব্দ দুটাৰ পৰা ফিটস্পাইৰেচন গঢ় লৈ উঠে ৷

Stan: ষ্টেন বুলিলে কোনো চেলিব্ৰিটিৰ প্ৰতি আবেগিক হোৱা ব্যক্তি বিশেষক বুজোৱা হয় ।

Awesomesauce: অসাধাৰণতকৈ অধিক বুজাবলৈ বৰ্তমান AWESOMESAUCE ব্যৱহাৰ কৰা হয়৷

Low-Key: এই শব্দটোক বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়, চমুকৈ ক’ব পাৰি যে যিকোনো এটা বিষয় আনৰ আগত সহজতে স্পষ্ট কৰি দিব নালাগে । লগতে, নিজৰ বিষয়ে গৌৰৱ কৰিবলৈ ভাল নোপোৱা মানুহৰ কথা কওঁতে এই শব্দটো ব্যৱহাৰ কৰিব পাৰি ৷

Hangry: ভোকৰ ফলত হোৱা খং আৰু হতাশাক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয় ৷

Metaverse: Metaverse এটা ভাৰ্চুৱেল পদ্ধতি । ইয়াৰ দ্বাৰা সকলো ব্যৱহাৰকাৰীয়ে কম্পিউটাৰত ভাৰ্চুৱেলি লগ পাব পাৰে আৰু ডিজিটেল অৱতাৰৰ সহায়ত ইজনে সিজনৰ সৈতে যোগাযোগ কৰিব পাৰে ।

Situationship: এই শব্দটো ব্যৱহাৰ কৰি কোৱা হয় যে দুজন মানুহৰ মাজৰ সম্পৰ্কটো বন্ধুত্বৰ দৰে বেছি ; কিন্তু দম্পতীৰ দৰে সম্পৰ্ক নহয় ।

লগতে পঢ়ক: পশ্চিম হিমালয়ত প্ৰথমবাৰৰ বাবে বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.