thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 7:56 AM IST

Updated : Jan 14, 2024, 8:15 AM IST

ETV Bharat / Videos

উৰুকা উপলক্ষে মাছৰ বজাৰ সমূহত ৰাইজৰ ভিৰ LIVE

গুৱাহাটী, 14 জানুৱাৰী: আজি বিহুৰ উৰুকা । সমগ্ৰ ৰাজ্যজুৰি ভোগালীক লৈ বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে । উৰুকাৰ নিশা মেজিৰ বাকৰিত লগে-ভাগে খোৱা এসাঁজ খাবলৈ পুৱাৰে পৰা বজাৰত ভিৰ ৰাইজৰ । বিশেষকৈ মাছৰ বজাৰ সমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ । ৰাজ্যৰ বিভিন্ন স্থানত ৰাজহুৱা বিল–খাল, নদী আদিতো একেলগে উৰুকাৰ পুৱা মাছ ধৰাৰ প্রস্তুতি চলিছে । বাদ পৰি ৰোৱা নাই কংক্ৰিটৰ মহানগৰীবাসীও ।

প্ৰতি বছৰৰ দৰে এই বছৰো মহানগৰীৰ উজান বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ । নিজৰ মন পছন্দ তথা সাধ্য অনুসৰি মাছ আনিবলৈ উৰুকাৰ বজাৰত ভিৰ কৰিছে ভিন্ন জনে । বজাৰসমূহতোও উজান উঠিছে ডাঙৰ ডাঙৰ মাছৰ । এনেদৰেই প্ৰতি গৰাকী অসমীয়া সাজু হৈছে ভোগৰ উৎসৱ ভোগালীলৈ।

লগতে পঢ়ক: শৈশৱে ৰিঙিয়াই ! অতুল বৰাৰ খেৱালি জালত ৰৌ-মিৰিকা-চিতল

Last Updated : Jan 14, 2024, 8:15 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.