নিউজ ডেস্ক, 16 অক্টোবৰ : আজি 16 অক্টোবৰ অৰ্থাৎ বিশ্ব খাদ্য দিৱস ৷ প্ৰতিবছৰে 16 অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ বিশ্বত খাদ্যই সৃষ্টি কৰা সংকট, পুষ্টিহীনতা তথা বিভিন্ন ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দশ্যে বিশ্বজুৰি খাদ্য দিৱস পালন কৰা হয় ৷ এক কথাত ভাল খাদ্য আৰু পুষ্টিৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে বিশ্ব খাদ্য দিৱস পালন কৰা হয় ৷
বিশ্ব খাদ্য দিৱসৰ ইতিহাস যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহলে গম পোৱা যায় যে, 1979 চনৰ নৱেম্বৰত ইটালিৰ ৰোমত খাদ্য আৰু কৃষি সংস্থাৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে বিশ্বৰ খাদ্যৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য দিৱস পালন কৰাৰ পোষকতা কৰিছিল বিভিন্ন সংস্থা তথা বিশ্বৰ অধিকাংক্ষ দেশে ৷ সেই প্ৰস্তাৱ মৰ্মে 1981 চনৰ 16 অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, 1979 চনত হোৱা বৈঠকৰ পিচতে 1980 চনৰ 5 ডিচেম্বৰৰ দিনা অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনতো এই সিদ্ধান্তৰ প্ৰতি সন্মতি জনোৱা হয় আৰু বিশ্বৰ প্ৰতিখন দেশৰে চৰকাৰ, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় সংগঠন সমূহে বিশ্ব খাদ্য দিৱস পালন কৰিবলৈ আহ্বান জনোৱা হয় আৰু সেই আহ্বান মৰ্মে 1981 চনৰ পৰা বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে ।
লগতে পঢ়ক : ইছলাম ধৰ্ম এৰি সপৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ফিৰোজ আলীয়ে
বিশ্ব খাদ্য দিৱসৰ আনুষ্ঠানিক প্ৰতীক চিহ্ন আছে ৷ এই প্ৰতীক চিহ্নটোত তিনিটা কাল্পনিক মানৱ শৰীৰৰ ছবি অংকণ কৰা হৈছে ৷ য'ত এজনে শস্য চপাই থকা, আনজনে শস্য বিতৰণ কৰাৰ দৃশ্য আৰু আনজনে খাদ্য খাই থকাৰ সুন্দৰ বাৰ্তা বহন কৰা হৈছে ৷ এই মানৱ চিত্ৰকেইটা নীলা, মাটীয়া বৰণৰ আৰু খাদ্য সামগ্ৰী সমূহ কমলা ৰঙৰে অংকিত কৰা হৈছে । সামগ্ৰিকভাৱে এই ছবি খনে শস্য, প্ৰতিপালন, শস্য চপোৱা আৰু খাদ্য বিতৰণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা বহন কৰে ৷
প্ৰতিবছৰে বিশ্ব খাদ্য দিৱসৰ বেলেগ ধৰণৰ বাৰ্তা প্ৰদান কৰা হয় ৷ 1981 চনৰ পৰা প্ৰতি বছৰে বেলেগ বেলেগ বিষয়ক থীম হিচাপে নিৰ্বাচন কৰি এই দিৱস পালন কৰা হৈছে ৷ লগতে, বিশ্বৰ প্ৰতিখন দেশে বিশ্ব খাদ্য দিৱস বিভিন্ন ধৰণে পালন কৰি আহিছে ৷
লগতে পঢ়ক : বিশ্বনাথত এনৰেগা আচঁনিৰ ৰাহী ধনেৰে নিৰ্মাণ কৰিলে বিদ্যালয় লোহাৰ গেট
2020 বৰ্ষৰ বিশ্ব খাদ্য দিৱসৰ থীম হৈছে, বৃদ্ধি,পুষ্টি স্থিৰ কৰা ৷ কিন্তু চলিত বৰ্ষত ক'ভিড-19 ৰ বাবে বিশ্ব খাদ্য দিৱস অলপ ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পূৰ্বতে এই দিৱসত বিভিন্ন ধৰণৰ কাৰ্ষসূচী যেনে, আলোচনা চক্ৰ, চেমিনাৰ, বক্তৃতানুষ্ঠান আদি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জৰিয়তে কৃষি, খাদ্য আদিৰ ওপৰত আলোচনা আৰু জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলোৱা হয় ৷
ভাৰতত বিশ্ব খাদ্য দিৱস পালনৰ আছে আন এক সুকীয়া অধ্যায় ৷ কিয়নো ভাৰত হৈছে এখন কৃষি প্ৰধান ৰাষ্ট্ৰ ৷ ভাৰতৰ প্ৰায় 70 শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু প্ৰতিবছৰে ভাৰতৰ যদি আপুনি বিশ্ব স্বাস্থ্য সংস্থা তথা আন তথ্য প্ৰদানকাৰী সংস্থাসমূহৰ ইতিহাস বিশ্লেষণ কৰে তেতিয়া গম পাব যে, ভাৰতত প্ৰতিবছৰে পুষ্টিহীনতাত অধিক লোকৰ মৃত্যু হয় ৷ বহুলোকে এতিয়াও এসাঁজ খাই এসাঁজ লঘোণে থাকিব লগা হয় ৷ অনাহাৰে বহু শিশুৱে সোণালী শৈশৱৰ পাৰ কৰিব লগা হয় ৷ সেয়েহে ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰত বিশ্ব খাদ্য দিৱসৰ উদযাপন কৰাৰ প্ৰসংগিক যথেষ্ট ৷
লগতে পঢ়ক : এন আৰ চিক লৈ ৰাজনীতি কৰিছে নেকি চৰকাৰে !