ETV Bharat / lifestyle

তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন

author img

By

Published : Feb 17, 2021, 8:57 PM IST

ভাৰতত বছৰ বছৰ ধৰি তিলৰ ব্যৱহাৰ হৈ আছে । পৰম্পৰাগত কিছুমান উৎসৱত তিলৰ ব্যৱহাৰ কৰা হয় । সু-স্বাস্থ্যৰ বাবে তিলক বহুলভাৱে ব্যৱহাৰ কৰা হয় । তিলৰ তেল ভাৰতৰ আয়ুৰ্বেদিক ক্ষেত্ৰত অতি দৰকাৰী এক ঔষধি গুণ সম্পন্ন সামগ্ৰী ।

তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন
তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন

তিল- পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন

সংক্ৰান্তি অহাৰ লগে লগে প্ৰচুৰ পৰিমাণে পুষ্টি সমৃদ্ধ ক্ষুদ্ৰ তিলৰ পয়োভৰ হোৱা দেখা যায় । সংক্ৰান্তি বা লোহৰিৰ সময়ত বিভিন্ন ৰীতি-নীতিত তিলৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ হয় । উৎসৱৰ উপৰিও তিলৰ তেলৰ ব্যৱহাৰ অতি বেছি কৰা হয় । উৎসৱৰ খাদ্যবোৰত ইয়াক ব্যৱহাৰ কৰাৰ পৰা এটা কথা বুজিব পাৰি যে ইয়াৰ অত্যন্ত গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি মানুহে কম বেছি পৰিমাণে হলেও তিল খায় ।

তিলৰ গুণাগুণৰ বিষয়ে ইটিভি ভাৰতৰ সুখীভৱই গোৱাৰ পানাজীৰ বিশিষ্ট পুষ্টিবিদ ৰোহিনী দিনিজৰ সৈতে বাৰ্তালাপ কৰিছিল । তেওঁ তিলৰ উপকাৰিতা আৰু গুণাগুণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ।

তিল হৈছে সৰু, তেল সমৃদ্ধ বীজ যি চেচামুম ইডিকাম উদ্ভিদত বিকশিত হয় । ইয়াৰ বীজবোৰ দুই প্ৰকাৰৰ যিটোৰ বাহিৰৰ বাকলি ক'লা থাকে তাক খোৱা হয় আৰু বগা হ'লে তাক খোৱা নহয়। তিল হাজাৰ বছৰ ধৰি পৰম্পৰাগত প্ৰকাৰৰ ঔষধত ব্যৱহাৰ কৰা হৈছে আৰু ই বহুতো ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অতি লাভ দায়ক ।

তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন
তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন

পুষ্টিগত তিলত এমইউএফএ অলিক এচিড, প্ৰ'টিন, বি-ভিটামিন, ভিটামিন ই, কেলচিয়াম, মেগনেছিয়াম, আইৰন, মেঙ্গানিজ, জিংক চেলেনিয়াম সমৃদ্ধ ।

অলিক এচিডে হৃদৰোগৰ ক্ষেত্ৰত বিপদ আনিব পৰা উচ্চ কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাত সহায় কৰে ।

বৰ্ধিত শিশু, কিশোৰ, গৰ্ভৱতী আৰু স্তন্যপান কৰোৱা মাতৃ আৰু নিৰামিষভোজীসকলৰ বাবে তিল হৈছে প্ৰ'টিনৰ এক সস্তা আৰু সুস্বাদু উৎস । কেলচিয়াম, মেগনেছিয়াম আৰু আন কেইবাটাও পুষ্টিৰে সমৃদ্ধ তিলে মানুহৰ শৰীৰৰ হাড় শক্তিশালী কৰে আৰু অষ্টিওপোৰোচিছৰ বিকাশ প্ৰতিহত কৰে ।

তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন
তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন

জিংকে ৰক্ত কোষ, ৰক্ত সঞ্চালন আৰু মেটাপলিজিমত সহায় কৰে আনহাতে তিলত থকা তামে আৰ্থ্ৰাইটিছৰ বিষ আৰু গাঁঠি ফুলা হ্ৰাস কৰাত সহায় কৰে । ইয়াত ভিটামিন ই আৰু চেলেনিয়াম থাকে যি শক্তিশালী এণ্টিঅক্সিডেণ্টেৰে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে।

তিলত চেচামোল আৰু চেচামিন নামৰ দুটা অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে য'ত এণ্টিঅক্সিডেণ্ট গুণ থাকে আৰু ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ।

তিলত ফাইটোএষ্ট্ৰোজেন থাকে যি ইষ্ট্ৰোজেন হৰমনৰ প্ৰভাৱ নোহোৱা কৰে আৰু মেনোপজৰ লক্ষণবোৰৰ পৰা উপশম কৰাত সহায় কৰিব পাৰে ।

তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন
তিল-পুষ্টিকৰ আৰু ঔষধি গুণ সম্পন্ন

আয়ুৰ্বেদিক ক্ষেত্ৰত তিলৰ ঔষধি গুণৰ বাবে ইয়াৰ তেল বিভিন্ন প্ৰসাধনৰ বাহক হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ ছালৰ গভীৰলৈ প্ৰৱেশ কৰাৰ ক্ষমতা আছে, ই ছালক আৰ্দ্ৰ কৰে আৰু ছালৰ কোষবোৰৰ পুনৰুত্থান বৃদ্ধি কৰে লগতে ইয়াৰ বার্ধক্য-বিৰোধী গুণ আছে । ইয়াত এণ্টি-মাইক্ৰ'বিয়েল আৰু ৱাৰ্মিং গুণ আছে আৰু ইয়াক চিকিৎসাগত মালিচ তেল হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

আনহাতে বিশেষ সোৱাদৰ বাবে ভাৰতীয় ৰন্ধনত তিল এক এক অবিচ্ছেদ্য অংগ । তিলক বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি । চেণ্ডউইচ, বিস্কুট, ব্ৰেড, কেক, চালাড আৰু ষ্টাৰ ফ্ৰাইৰ ওপৰত টোষ্ট কৰা তিল ছটিয়াব পাৰি , গুড় বা চেনী চিৰাপ আৰু অন্যান্য বাদামৰ সৈতে মিহলি কৰিব পাৰি আৰু চিককি বা লাড়ু তৈয়াৰ কৰিব পাৰি ।

ভূমধ্য সাগৰীয় বহু ব্যঞ্জনত তিল বহুলভাৱে ব্যৱহাৰ কৰা হয় । এইটো গুৰুত্বপূৰ্ণ যে আমি তিলৰ স্বাস্থ্য সম্পৰ্কত সৰ্বাধিক ব্যৱহাৰ কৰোঁ আৰু আমাৰ শৰীৰ শক্তিশালী কৰিবলৈ আৰু সুস্বাস্থ্যৱান লগতে উৎপাদনশীল হৈ থাকিবলৈ উষ্ণ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.