ETV Bharat / lifestyle

COVID 19 ৰ সময়ত কিদৰে থাইৰয়ড নিয়ন্ত্ৰণ কৰিব ?

author img

By

Published : May 26, 2020, 7:22 PM IST

ভাৰতীয় লোকৰ দেহত থাইৰয়ডৰ বিসংগতি দেখা পোৱা যায় ৷ ভাৰতৰ 10 জনৰে এজন হাইপ'থাইৰইডিজমত আক্ৰান্ত হয় ৷ কিন্তু, এই বিসংগতি কিয় হয় আৰু লক্ষণসমূহ কি ?

ভাৰতৰ 10 জনৰে এজন হাইপ'থাইৰইডিজমত আক্ৰান্ত হয়
COVID 19 ৰ সময়ত কিদৰে থাইৰয়ড নিয়ন্ত্ৰণ কৰিব ?

নিউজ ডেস্ক, 26 মে': ভাৰতীয় লোকৰ দেহত থাইৰয়ডৰ বিসংগতি দেখা পোৱা যায় ৷ ভাৰতৰ 10 জনৰে এজন হাইপ'থাইৰইডিজমত আক্ৰান্ত হয় ৷ কিন্তু, এই বিসংগতি কিয় হয় আৰু লক্ষণসমূহ কি ? থাইৰয়ড গ্লেণ্ডে দেহৰ মেটাবলিজম নিয়ন্ত্ৰণ কৰা হৰমন উৎপন্ন কৰে ৷ দেহত এই হৰমনৰ পৰিমাণ বৃদ্ধি অথবা কম হ'লে বিভিন্ন বিসংগতিয়ে দেখা দিব পাৰে ৷ এই বিসংগতিক ক্ৰমে হাইপাৰথাইৰইডিজম(Hyperthyroidism) আৰু হাইপ'থাইৰইডিজম(Hypothyroidism) বুলি কোৱা হয় ৷

হাইপাৰথাইৰইডিজমৰ লক্ষণ :

*উৎকন্ঠা

*ক্ষিপ্ৰতাৰে হৃদপিণ্ডৰ ক্ৰিয়া

*উদ্বিগ্নতা আৰু অস্থিৰতা

*বিৰক্তি

*অধিক ঘাম

*ওজন হ্ৰাস

*দূৰ্বলতা

হাইপ'থাইৰইডিজমৰ লক্ষণ :

*ভাগৰুৱা

*শুকান চুলি আৰু চাল

*দূৰ্বলতা

*ওজন বৃদ্ধি

*হৃদপিণ্ডৰ ক্ৰিয়া ধীৰ হোৱা

*কোষ্ঠকাঠিন্য

*হতাশা

*হঠাৎ ঠাণ্ডা লগা

COVID-19 মহামাৰীৰ মাজতে থাইৰয়ডৰ সমস্যাত ভূগিছে যদি -

1. যোগাভ্যাস আৰু ধ্যান কৰা উচিত ৷ ইয়াৰ ফলত চাপ হ্ৰাস পাব, বিশেষকৈ বৰ্হিবিশ্বৰ চিন্তাৰ পৰা মুক্ত হ'ব ৷

2.স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰি ওজন নিয়ন্ত্ৰণ কৰি ৰখা উচিত ৷ যিহেতু আপুনি ঘৰতে থাকিব সেয়েহে খাদ্য গ্ৰহণ কৰা অনুচিত ৷

3.ঔষধ-পাতি সময়মতে লওঁক ৷

4.মদ্যপানৰ পৰা আঁতৰত থাকক ৷ নহ'লে ই থাইৰয়ড আৰু ঔষধৰ ক্ৰিয়াত বিঘিনি ঘটাব পাৰে ৷

5.টোপনি নিয়মিত কৰক ৷ প্ৰয়োজনীয় বিশ্ৰাম লোৱা উচিত ৷ প্ৰায় 7-9 ঘন্টাৰ টোপনিৰ প্ৰয়োজন আছে ৷

6.প্ৰতিদিনে ব্যায়াম কৰিলে সু-স্বাস্থ্যৰ লগতে মগজু সুস্থ হৈ থাকিব ৷

থাইৰয়ডৰ বিসংগতিয়ে অধিক সংকট সৃষ্টি কৰাৰ আশংকা নাই যদিও সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷ আমি সকলোৱে একত্ৰিত হৈ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে স্বাস্থ্যকৰ জীৱন-যাপন কৰিবলৈ সক্ষম হ'ম ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.