ETV Bharat / jagte-raho

ক’ত সন্ধানহীন হৈছে ডিমা হাছাওৰ একাংশ যুৱক

ডিমা হাছাও জিলাৰ পৰা বহু যুৱক সন্ধানহীন হৈছে ৷ সন্ধানহীন হোৱা বহু যুৱক উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ সম্ভাৱনা ।

Image for representation only
প্ৰতিনিধিত্বমুলক ছবি
author img

By

Published : Dec 20, 2020, 4:14 PM IST

ডিমা হাছাও, 20 ডিচেম্বৰ : বিগত সময়চোৱাত ডিমা হাছাও জিলাৰ পৰা বহু যুৱক সন্ধানহীন হৈ পৰে । যোৱা কিছু দিনৰ পৰা মাইবাং মহকুমাৰ বিভিন্ন গাঁৱৰ পৰা বহু কেইজন যুৱক সন্ধানহীন হৈ পৰে । চোৰাংচোৱাৰ হাতত পৰা তথ্য অনুসৰি এই সন্ধানহীন যুৱক কেইজন ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে ।

ইপিনে 90 দশকৰ সেই অভিশপ্ত দিন বিলাক আকৌ ঘূৰি আহিব নেকি পূৰ্বৰ উত্তৰ কাছাৰ তথা বৰ্তমান ডিমা হাছাও জিলাত সেয়ালৈ এতিয়া আশংকাত ভুগিছে পাহাৰীয়া জিলাৰ সাধাৰণ ৰাইজ । 90-ৰ দশকৰ পৰা ডিমা হাছাও জিলাত সৃষ্টি হোৱা উগ্ৰপন্থী সমস্যাৰ বাবে পাহাৰীয়া জিলাখনৰ উন্নয়ন স্তব্ধ হৈ পৰিছিল ৷ প্ৰায় দেৰ দশক উগ্ৰপন্থী সমস্যাৰ বাবে জিলাখনৰ অৱস্থা শোচনীয় হৈ পৰিছিল ।

2009 চনত তেতিয়াৰ দুধর্ষ উগ্ৰপন্থী সংগঠন ডিএইচডি (জে) অস্ত্ৰ ত্যাগ কৰি জাতীয় জীৱনৰ মূল সুঁতি লৈ ঘূৰি আহি চৰকাৰৰ লগত আলোচনাত বহি শান্তি চুক্তি কৰাৰ পিছত পাহাৰীয়া জিলাখনত শান্তি ঘূৰি আহিছিল আৰম্ভ হৈছিল উন্নয়ন মূলক সকলো কাম কাজ ।

এতিয়া আকৌ ঘূৰি আহিব নেকি 90 দশকৰ এই অভিশপ্ত দিন বিলাক য’ত অপহৰণ,হত্যা আৰু ধনদাবী আছিল প্ৰতিদিনৰ ঘটনা । কিন্তু এতিয়া আকৌ কিছুমান যুৱকে অস্ত্ৰ হাতত তুলি লোৱাৰ বাবে এনেদৰে ঘৰৰ পৰা ওলাই গৈছে বুলি চোৰাংচোৱাই প্ৰদান কৰা তথ্যই এতিয়া আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ ডিমা হাছাও জিলাখনত । মাইবাং মহকুমাৰ বিভিন্ন গাঁৱৰ পৰা 17 বছৰ পৰা 20 বছৰৰ বহু যুৱক ঘৰৰ পৰা সন্ধানহীন হৈ পৰে বুলি জানিব পৰা গৈছে । চোৰাংচোৱাৰ তথ্য অনুসৰি সন্ধানহীন যুৱক কেইজনে উগ্ৰপন্থী সংগঠনত যোগদান কৰে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : বিটিচিত নৱ নিৰ্বাচিত চৰকাৰ প্ৰথম খন কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.