নেশ্যনেল ডেস্ক, 20 জুলাই : উত্তৰ প্ৰদেশৰ খলনায়ক বিকাশ ডুবেৰ কোষাধ্যক্ষ জয় বাজপেয়ী আৰু তেওঁৰ সহযোগী প্ৰশান্ত শুক্লাক দেওবাৰে বিক্ৰু গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷
বিকাশ ডুবেৰ এই দুজন সহযোগীৰ বিৰুদ্ধে আৰক্ষী থানাত বহুকেইটা গোচৰ ৰুজু হৈছে ৷ অভিযোগ অনুসৰি, যোৱা 1 জুলাইত জয় বাজপেয়ী বিক্ৰু গাঁৱলৈ গৈছিল আৰু বিকাশ ডুবেক 2 লাখ টকা দিছিল ৷
ইয়াৰোপৰি, জয় বাজপেয়ীয়ে গেংগষ্টাৰ বিকাশ ডুবেলৈ মাৰণাস্ত্ৰ আৰু বিলাসী বাহন প্ৰেৰণ কৰিছিল ৷ সূত্ৰই সদৰি কৰা মতে, 2 জুলাইত জয় বাজপেয়ী আৰু প্ৰশান্ত শুক্লাই কানপুৰ গুলীয়াগুলিৰ পূৰ্বে বিকাশ ডুবেক লগ ধৰিছিল ৷
জয় বাজপেয়ী আৰু প্ৰশান্ত শুক্লাই বিকাশ ডুবেক 2 লাখ আৰু 25 টা কাৰ্টিজ সংগ্ৰহ কৰাত সহায় কৰে ৷ আনহাতে, 4 জুলাইত জয় বাজপেয়ীৰ বিৰুদ্ধে কানপুৰ হত্যাকাণ্ডৰ পাচত বিকাশ ডুবে আৰু তেওঁৰ অন্য সহযোগীকেইজনক পলাই যোৱাত সহায় কৰাৰো অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰ বাবে বাজপেয়ীয়ে নিজৰ তিনিখন বিলাসী বাহন প্ৰেৰণ কৰে আৰু বিকাশ ডুবেসহ সহযোগীসকলক সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত সহায় কৰে ৷ সুৰক্ষিত ঠাইত প্ৰৱেশ কৰাৰ পাচত বাহনসমূহ কাকাদেৱ থানাৰ সমীপত এৰি দিয়া হয় ৷
লগতে পঢ়ক : এসময়ৰ নাগপুৰ কৰ্পৰেটৰ আজি প্ৰহৰী